ৰহাৰ সমীপবৰ্তী আহঁতগুৰিত বুধবাৰে সামুহিক বিবাহত ১৯জোৰ দৰা কইনাৰ সামাজিক ৰীতি নীতিৰে বিবাহ সম্পন্ন হৈ যায় আৰু সমস্ত ক্ষেত্ৰ আয়তিৰ উৰুলি, গীত নৃত্যৰে মুখৰিত হয়।

        আহঁতগুৰি সাগৰঘাট নামঘৰত মহাপুৰুষীয়া আদিপন্থা সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বুধবাৰে দিনযোৰা কাৰ্য্য সূচীৰে অনুষ্ঠিত হোবা সামুহিক বিবাহ ত পূৰ্বতে গন্ধৰ্ব বিবাহৰ জৰিয়তে সংসাৰৰ পাতনি মেলিছিল যদিও আৰ্থিক দুৰবস্থাৰ বাবে ব্যক্তিগত ভাবে সামাজিক নীতি নিয়মৰে বিবাহকাৰ্য্য সম্পন্ন কৰিব নোবাৰা ১৯ যোৰ দৰা কইনাক হোমৰ অগ্নিক সাক্ষী কৰি পুৰোহিত ৰ মন্ত্ৰোচাৰনেৰে  সামাজিক ৰীতি নীতিৰে বিবাহ সম্পন্ন কৰাই সামাজিক মৰ্য্যদা প্ৰদান কৰা হয়।

 সামুহিক বিবাহত ৬০ বয়সৰ দৰা কইনাও আছিল।বিবাহ উপলক্ষে পূবাৰে পৰা অঞ্চলত উদুলি মুদুলি পৰিবেশ বিৰাজ কৰাৰ লগতে আয়তিৰ উৰুলি, বিয়ানাম,বেণ্ডৰে সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।বিবাহ উপলক্ষে সহস্ৰাধিক ৰাইজে একেলগে এসাজ আহাৰ গ্ৰহন কৰে।

 লগতে অঞ্চলবাসীয়ে ঐক্য আৰু ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহ,দায়বদ্ধতাৰ পৰিচয় দিয়ে।