নিৰ্বাচন  আয়োগৰ সমষ্টি নিৰ্ধাৰণ খচৰাক লৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কলাইগাওঁ বিধানসভা সমষ্টিতো প্ৰতিবাদে সৰ্বত্ৰ চুই গৈছে। বিধানসভা সভা সমষ্টি বিলুপ্ত কৰণৰ প্ৰতিবাদত সোমবাৰে বৃহত্তৰ কলাইগাওঁবাসী ৰাইজৰ সহযোগত কলাইগাওঁ বিধানসভা সমষ্টি সুৰক্ষা দাবী সমতিয়ে আহ্বান জনোৱা ১২ ঘণ্টীয়া কলাইগাওঁ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হয়। উক্ত বন্ধৰ সময়ছোৱাত স্বতঃস্ফূৰ্তভাবে ব্যৱসায়িক প্ৰতিষ্ঠান,বেংক আদিৰ লগতে যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ থাকে। আনহাতে বন্ধ আছিল সম্পূৰ্ণ শান্তিপূৰ্ণ । বিশেষকৈ যোৱা ২৪ জুনত ৰাজহুৱা প্ৰতিবাদী সভা আৰু যোৱা ২৮ জুনত কলাইগাওঁ বিধানসভা সমষ্টি সুৰক্ষা দাবী সমিতিৰ উদ্যোগত বহুকেইটা দল সংগঠন আৰু ৰাইজে অংশগ্ৰহণ কৰা গণবিক্ষোভ কাৰ্যসূচীয়ে সমষ্টি বিলুপ্তকৰণৰ ক্ষেত্ৰত সমষ্টিবাসী ৰাইজ যে ক্ষুণ্ণ সেয়া প্ৰতিফলিত কৰিছিল। ইতিমধ্যে কলাইগাওঁ বিধানসভা সমষ্টি নামটো অক্ষুণ্ণ ৰখাৰ দাবীত সমষ্টি সুৰক্ষা দাবী সমিতিয়ে ৰাজহুৱা সিদ্ধান্ত অনুসৰি কলাইগাওঁ ৰাজহ চক্ৰ বিষয়া কাবেৰী ৰংপিপিৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ অধ্যক্ষ তথা চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে শেহতীয়াকৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ সচিব লৈ নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বে পোৱাকৈ প্ৰেৰণ কৰিছে। এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই সমষ্টিবাসীৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি দিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

#Kalaigaon