মাজুলী জিলাৰ নামনি মাজুলীৰ মহৰিচুকত প্ৰতিষ্ঠিত নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়( পূৰ্বৰ জুনিয়ৰ কলেজ)ৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয় খনত উলহ- মালহেৰে পালন কৰা হয় । ১৯৮৮ চনৰ ৮ আগষ্টত নামনি মাজুলীত শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰতিষ্ঠিত নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা ৯' বজাত ছাত্ৰ একতা সভাৰ উদ্যোগত বিদ্যালয়ৰ চৌপাশ পৰিস্কাৰ কৰা হয় । তাৰপিছত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ অনিল কুমাৰ বৰাই । প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ চোহদত গছপুলি ৰোপণ কৰে ইংৰাজী বিভাগৰ প্ৰৱক্তা মদন গগৈয়ে । ইয়াৰ পাছত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে অনিল কুমাৰ বৰাই । দুপৰীয়া এঘাৰ বজাত অনিল কুমাৰ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । প্ৰৱক্তা অজিত ভূঞাই আঁত ধৰা মুকলি সভাখন বিদ্যালয়খনৰ ছাত্র- ছাত্ৰীয়ে ‌পৰিৱেশন কৰা, অনিল কুমাৰ বৰাই ৰচনা কৰা " বিদ্যালয়ৰ গীতে"ৰে মুকলি সভাখন আৰম্ভ কৰা হয় ।

    মুকলি সভাত, "প্ৰতিষ্ঠা দিৱস আৰু বিদ্যালয়ৰ জ্ঞান যাত্ৰা "সন্দৰ্ভত তত্বগধুৰ ভাষন প্ৰদান কৰে প্ৰৱক্তা দিগন্ত শইকীয়া, অৰুণ বৰা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰমেশ দলে আৰু স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক গোপীৰাম শইকীয়াই । উক্ত, মুকলি সভাত ৰিম্পী দাসে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰাৰ লগতে চিম্পী বৰা, বৰষাৰাণী কমান আৰু বৰষাৰাণী পেগুয়ে আধুনিক নৃত্য পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । প্ৰৱক্তা অজিত ভূঞাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষক ,কৰ্মচাৰী,আৰু ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।