১৯৯৪চনত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ সংগীত কাননৰ উদ্যোগত প্ৰত্যেক মাহৰ প্ৰথম দেওবাৰে চিত্ৰকলাৰ শ্ৰেণী ত  অনুষ্ঠিত কৰি অহা বিশেষ কৰ্মশালা ত মুখ্য অতিথি ৰূপে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন শিক্ষয়ত্ৰী অনিমা দাস উপস্থিত থাকি কন কন শিশু সকলক সম্বোধন কৰি উৎসাহ বৰ্ধন কৰাৰ লগতে অকনিৰ কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ শইকিয়াৰ চিত্ৰকলা গ্ৰন্থ চিত্ৰকলাৰ সঁফুৰা ৰ দ্বিতীয় প্ৰকাশ ৰ উন্মোচন কৰে।কৰ্মশালাত কন কন শিশু সকলে গীত, কবিতা পাঠ কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

অকনিৰ কবিতা ঘৰ অসমৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা অনুষ্ঠানত সহ সম্পাদক ৰিতু দাস, শিক্ষক ৰিপুঞ্জয় মেধি,জয়ন্ত দাস সহ শিক্ষক, শিক্ষয়ত্ৰী,অবিভাবক,অবিভাবিকা আৰু চিত্ৰকলা আৰু সংগীত কাননৰ কন কন শিশু সকল উপস্থিত থাকে।