গোলাঘাট জিলাৰ ১০০৪ গৰাকী বিহুৱা-বিহুৱতীক আজি অসম চৰকাৰৰ আনুষ্ঠানিকভাৱে মাননী আৰু মান পত্ৰ প্ৰদান । অসম চৰকাৰৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটৰ জোনাকী নগৰ যুৱক সংঘৰ মুকলি মঞ্চত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোলাঘাট সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰুসজাইৰ মেগা বিহুত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীৰ মাজত মাননী আৰু মান পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে, গিনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰা গুৱাহাটী সৰুসজাইৰ ৰোৱা ১৪ এপ্ৰিলত অনুষ্ঠিত মেগা বিহুত গোলাঘাট জিলাৰ এইসকল ১০০৪ গৰাকী বিহুৱা-বিহৱতীয়ে অংশগ্ৰহণ কৰিছিল । আজি প্ৰতি গৰাকীকে ২৫ হাজাৰ টকাৰ চেক আৰু মান পত্ৰ প্ৰদান কৰা হয় । পূৰ্বে সাজপাৰৰ বাবে প্ৰত্যেককে ১০ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছিল । অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ উদয় প্ৰবীণ,গোলাঘাট পৌৰ সভাৰ পৌৰপতি দুলুমণি বৰবৰা,অগপৰ জিলা সভাপতি ড° নৃপেন বৰুৱা আদি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
INDIAN ARMY BUILDS INFRASTRUCTURE IN SCHOOLS OF TIPONG (TINSUKIA), ASSAM
Troops of Joypur Battalion under the aegis of Spear Corps organised an event in...
Share Market Tomorrow: कल बाजार में किन Sectors और Shares में है कमाई का बढ़ियां मौका | 8 Jan 2024
Share Market Tomorrow: कल बाजार में किन Sectors और Shares में है कमाई का बढ़ियां मौका | 8 Jan 2024
মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত গুৰুজনাৰ তিৰোভাৱ তিথি পালন
মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত গুৰুজনাৰ তিৰোভাৱ তিথি পালন