গোলাঘাট জিলাৰ ১০০৪ গৰাকী বিহুৱা-বিহুৱতীক আজি অসম চৰকাৰৰ আনুষ্ঠানিকভাৱে মাননী আৰু মান পত্ৰ প্ৰদান । অসম চৰকাৰৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটৰ জোনাকী নগৰ যুৱক সংঘৰ মুকলি মঞ্চত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোলাঘাট সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰুসজাইৰ মেগা বিহুত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীৰ মাজত মাননী আৰু মান পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে, গিনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰা গুৱাহাটী সৰুসজাইৰ ৰোৱা ১৪ এপ্ৰিলত অনুষ্ঠিত মেগা বিহুত গোলাঘাট জিলাৰ এইসকল ১০০৪ গৰাকী বিহুৱা-বিহৱতীয়ে অংশগ্ৰহণ কৰিছিল । আজি প্ৰতি গৰাকীকে ২৫ হাজাৰ টকাৰ চেক আৰু মান পত্ৰ প্ৰদান কৰা হয় । পূৰ্বে সাজপাৰৰ বাবে প্ৰত্যেককে ১০ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছিল । অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ উদয় প্ৰবীণ,গোলাঘাট পৌৰ সভাৰ পৌৰপতি দুলুমণি বৰবৰা,অগপৰ জিলা সভাপতি ড° নৃপেন বৰুৱা আদি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત શહેરમાં 36 મી નેશનલ ગેમ્સ અંતર્ગત સ્પોર્ટ કારનીવાલમાં રાજ્યના ગૃહ મંત્રી ઉપસ્થિત રહ્યા
સુરત શહેરમાં 36 મી નેશનલ ગેમ્સ અંતર્ગત સ્પોર્ટ કારનીવાલમાં રાજ્યના ગૃહ મંત્રી ઉપસ્થિત રહ્યા
অৰুণাচল প্ৰদেশৰ পাছিঘাটত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী পালন
অৰুণাচল প্ৰদেশৰ পাছিঘাটত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী পালন
Ola S1 X की शुरू हुई डिलीवरी, जानिए कितना खास है कंपनी का सबसे किफायती ई-स्कूटर
Ola S1 X को तीन बैटरी पैक विकल्पों - 2 किलोवाट 3 किलोवाट और 4 किलोवाट में पेश किया गया है। इनकी...
રાજકોટની એક કોલેજમાં વિદ્યાર્થીનીઓ વચ્ચે ખુરશી માટે વાળ પકડી ઝપાઝપી | Viral Video
રાજકોટની એક કોલેજમાં વિદ્યાર્થીનીઓ વચ્ચે ખુરશી માટે વાળ પકડી ઝપાઝપી | Viral Video
પહેલી વાર માર્યો હેલિોપ્ટરમાં ધક્કો
ગુજરાત રાજ્ય ના મુખ્યમંત્રી ના હેલિકોપ્ટર ને માર્યો ધક્કો 😅
પહેલી વાર માર્યો હેલિકોપ્ટરને ધક્કો...