শিৱসাগৰ বকতাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ চলেৰে এগৰাকী যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ ৰেলেৰে নি থকাৰ সময়তে লামডিং ৰেলৱে আৰক্ষীৰ সহযোগত নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন যুৱকক। বকতা অঞ্চলৰ এজন ২৪বছৰীয়া যুৱকে দুগৰাকী পত্নী বিয়া পতাৰ পিছতো পুনৰ প্ৰেমৰ প্ৰস্তাৱ দি এগৰাকী যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ নিয়াৰ কাৰ্য্য পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বিদ্যুৎ নাথ (২৪) বকতা ন নাথ গাঁৱৰ এই যুৱকৰ দ্বিতীয় পত্নীৰ পৰা তেওঁ এটা সন্তানৰ পিতৃ ৷ বকতা জবলাটিং গাৱঁৰ এগৰাকী ২০ বছৰীয়া যুৱতীক লৈ শিমলুগুৰিৰ পৰা গুৱাহাটীলৈ বুলি  বিজি এক্সপ্ৰেছ ৰেলত নি থকাৰ সময়তে লামডিং ৰেলৱে জালত পাৰে এইজন যুৱক ৷ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বকতা নেমুগুৰি আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত বকতা নেমুগুৰি আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত যোৱা এটা দলে ৰেলৱে আৰক্ষীৰ সহযোগত লামডিং জংচনত যুৱতীসহ এইজন যুৱকক আটক কৰে ৷ ধৃত বিদ্যুত নাথে বহিঃৰাজ্যত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে