ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) সোমবাৰে আইচিচি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে।

অভিজ্ঞ পেচাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল দললৈ উভতি আহিছে। আনহাতে মহম্মদ ছামী আৰু দীপক চহৰক বাছনি কৰা হোৱা নাই দলত।

অৱশ্যে, ছামী আৰু চহৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে দলত ৰাখিছে। এই দুই খেলুৱৈৰ লগতে শ্ৰেয়াছ আয়াৰ আৰু ৰবি বিষ্ণোইকো ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ৰখা হৈছে।

ৰবীন্দ্ৰ জাদেজাও ১৫ জনীয়া দলত নাই। আঘাতৰ বাবে তেওঁ দলৰ অংশ নহ’ব। এছিয়া কাপৰ সময়ত জাদেজা আঘাতপ্ৰাপ্ত হৈছিল। 

ঘোষণা কৰা দলটো- ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত (উইকেটকিপাৰ), দিনেশ কাৰ্তিক (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, য়ুযবেন্দ্ৰ চহল, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল আৰু অৰ্শদীপ সিং।