প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষ পূৰ্তি উপলক্ষে আজি মধ্যপ্ৰদেশৰ ভূপালত প্ৰধানমন্ত্ৰীজনে দেশৰবুথ কাৰ্যকৰ্তা সকলক সম্বোধন কৰা মোৰ বুথ সকলোতকৈ মজবুত শীৰ্ষক বুথ কাৰ্যকৰ্তা অনুষ্ঠানত ভাৰ্চুৱেলী অংশ গ্ৰহন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।মৰাণহাটত অৱস্থিত কেবিনেট মন্ত্ৰীৰ বাসগৃহৰ কাৰ্যালয়ত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰীজনৰ লগতে মৰাণ পৌৰসভাৰ সভাপতি অৰূপ দত্ত, সৰ্বোদয় পঞ্চায়তৰ সভাপতি চন্দ্ৰ চুতীয়া, মৰাণ নগৰ মণ্ডল বিজেপিৰ সভাপতি শ্যাম গগৈ সহ মৰাণ নগৰ মণ্ডলৰ বিষয়-ববীয়া সকল , ৱাৰ্ড আয়ুক্ত সকল , আৰু দলীয় কাৰ্যকৰ্তাসকলে অংশ গ্ৰহন।কৰে।