বাক্সা জিলাৰ মুছলপুৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সংহত শিশু বিকাশ আঁচনিৰ অধীনত "স্বাস্থ্যবান শিশু" বঁটা প্ৰদান উপলক্ষে এখন সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত মাছান্দা মাগডালিন পাৰ্টিনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশ লৈ বিটিচিৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয় যে এই সংহত শিশু বিকাশ আঁচনিৰ মূল লক্ষ্য হৈছে শিশুৰ পুষ্টিৰ উন্নতিৰ জৰিয়তে সামাজিক সচেতনতা বৃদ্ধি আৰু গাওঁবাসীক অনুপ্ৰাণিত কৰা।

এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত কৰাৰ বাবে মহিলা আৰু শিশু কল্যাণ বিভাগে ১৯৭৫ চনৰ পৰা ০-৬ বছৰ বয়সৰ শিশু আৰু গৰ্ভৱতী মহিলা তথা স্তনপান কৰোৱা মাতৃৰ লগতে অপুষ্টিগ্ৰস্ত শিশুৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে এই বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে একচন পইন্ট হিচাপে প্ৰতিটো লোকসভা সমষ্টিৰ পৰা অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে বিশ গৰাকীকৈ সুস্থ শিশুক "স্বাস্থ্যবান শিশু" হিচাপে চিনাক্ত কৰি পুৰস্কাৰ প্ৰদান কৰা হ'ব ৷ আজি তাৰেই অংশস্বৰূপে বাক্সা জিলাৰ ভিন্ন প্ৰান্তৰ দহ গৰাকী শিশুক "স্বাস্থ্যবান শিশু" হিচাপে বাচনি কৰি পুৰস্কাৰ প্ৰদান কৰা হয় বুলি কাৰ্যবাহী সদস্য দাসে কয় ৷ উল্লেখ্য যে শিশুৰ ওজনৰ লগতে উচ্চতাৰ ওপৰত ভিত্তি কৰি জিলাখনৰ ৮ টা আইচিডিএছ প্ৰকল্পৰ জৰিয়তে এই দহ গৰাকী শিশুক বঁটাৰ বাবে নিৰ্বাচন কৰা হয় ৷ আজি বঁটা লাভ কৰা শিশু সকল হৈছে ক্ৰমে- সিদ্ধি পাঠক, ভাৱনা দেৱী, বিকিৰাজ বৰ্মন, তন্ময় বসাক, হিয়ান দাস, গীতিস্মান দাস, ৰুচি মনি ৰামচিয়াৰী, হিয়াংশ দত্ত ডেকা, সংগীনা দৈমাৰী আৰু কৃষ বড়ো ৷

বঁটা লাভ কৰা শিশুসকলক একোখনকৈ মানপত্ৰৰ লগতে শিশুৰ যতন সামগ্ৰী আৰু ফল-মূলৰ টোপোলা প্ৰদান কৰা হয় ৷ আজিৰ এই অনুষ্ঠানত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, অতিৰিক্ত উপায়ুক্ত বন্তি তালুকদাৰ, জিলা মহিলা আৰু শিশু কল্যাণ বিষয়া সীমান্ত প্ৰদীপ চৌধুৰীৰ লগতে বিভাগটোৰ কেবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷