ৰহা মহাবিদ্যালয় ত আজি মাৰৱাৰী যুৱ মঞ্চ, ৰহা শাখাৰ উদ্যোগত আৰু ৰহা মহাবিদ্যালয় এন চি চ আৰু এন এচ এচ ৰ সহযোগত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

     এই উপলক্ষে ৰহা মহাবিদ্যালয় প্ৰেক্ষাগৃহ ত পূবা ১০ বজাত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি আৰু মাৰৱাৰী যুৱ মঞ্চ, ৰহা শাখাৰ সভাপতি শিব শৰ্মাই আঁত ধৰা ৰক্তদান শিবিৰ শুভাৰম্ভ অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি শিবিৰৰ শুভাৰম্ভ কৰাৰ লগতে উপস্থিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ড° লক্ষীধৰ দাসে সম্বোধন কৰি কয় যে "ৰক্ত দান মহান দান,ৰক্ত দান জীবন দান"আজি ৰক্তদানেৰে কাৰোবাৰ জীবন ৰক্ষা হব পাৰে।লগতে ৰহা মহাবিদ্যালয় ৰ উপাধ্যক্ষা মনিকা দাস, সদৌ অসম ছাত্ৰ সন্থা ৰ সহকাৰী সাধাৰন সম্পাদক মৃদুল হাজৰিকা, ৰহা মহাবিদ্যালয় এন চি চ ৰ মূৰব্বী বলোৰাম নাথ,এন এচ এচ ৰ মূৰব্বী পৰাগ দাস,ৰহা পতঞ্জলি যোগ সমিতিৰ যোগাচাৰ্য ৰাম নিবাস শৰ্মা,সাংবাদিক চয়েল খেতান, ৰহা মাৰবাৰী সমাজৰ মাতুৰাম শৰ্মা,বিষ্ণু খেতান,সীতাৰাম শৰ্মা,ব্লাড বেঙ্ক কাওন্চিলাৰ ৰিংকু দত্ত, লেব্ৰোট্ৰি টেকনিচিয়ান দৰ্পন মহন্ত সহ জিতু কুমাৰ বৰা,কমল কুমাৰ তামুলী, নবজ্যোতি বৰা উপস্থিত থকাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।তাৰপাছত অনুষ্ঠিত ৰক্তদান শিবিৰত ৰহা মহাবিদ্যালয় ৰ শিক্ষক,শিক্ষয়ত্ৰী, ছাত্ৰ,ছাত্ৰী ৰ লগতে ৰহা মাৰবাৰী সমাজৰ পুৰুষ মহিলা যুবক, যুৱতী সহ ৭১ লোকে ৰক্তদান কৰাৰ লগতে সকলোকে ৰক্তদান কৰাৰ প্ৰমান পত্ৰ প্ৰদান কৰা হয়।সন্ধিয়া ৪বজাত সমাপন হোবা শিবিৰত মণ্ডল ই ৰ ব্লাড কোডিনেটৰ পংকজ গাডোদিয়া,ৰক্তদান শিবিৰৰ সংয়োজক ৰাহুল পোদ্দাৰ, ৰহা মাৰবাৰী যুব মঞ্চ ৰ সম্পাদক আশিষ চেঠিয়া,প্ৰাক্তন সম্পাদক ৰোহিত চেঠিয়া,কোষাধ্যক্ষ ৰাজেশ প্ৰজাপত,সদস্য ব্ৰহ্মপ্ৰকাশ প্ৰজাপত,ঔমপ্ৰকাশ প্ৰজাপত,মহেশ সেনী,ৰামনিবাস প্ৰজাপত সহ ৰহা মহাবিদ্যালয় ৰ এন চি চ,এনএচএচ   শিক্ষক, শিক্ষয়ত্ৰী,কৰ্মচাৰী সকলৰ লগতে ৰহা মাৰবাৰী যুব মঞ্চ ৰ প্ৰতিনিধি আৰু ৰহা ৰহা,চাপৰমুখ,বাৰহপূজীয়া মাৰবাৰী সমাজৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে সহায় সহযোগীতা আগবঢায়।