ঢকুৱাখনাত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন

 সমগ্ৰ ৰাজ্যজুৰি আজি দিনটোত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ উপলক্ষে তেখেতক স্মৰণ কৰা হৈছে। সমান্তৰালভাৱে ঢকুৱাখনা মহকুমাৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনা নাট্য বিদ্যালয়ৰ উদ্যোগতো দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনা মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত নাট্য বিদ্যালয়ৰ পতাকা উত্তোলন কৰে সভাপতি পূৰ্ণানন্দ গগৈ৷তাৰ পিছতে পুৱা ৯-৩১ বজাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ঢকুৱাখনা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দীনেশ মেধিয়ে৷ইয়াৰ পিছতে পুৱা ১০-০১ বজাত বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সংগীতৰ ওপৰত নৃত্য,চিত্ৰাংকন,কবিতা আবৃত্তি প্ৰতিযোগিতাখনিত বিভিন্ন বিদ্যালয়ৰ পৰা ভালেসংখ্যক ছাত্ৰছাত্ৰী অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি উদ্বোধন কৰে ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ দেৱে আৰু সঞ্চালনা কৰে ঢকুৱাখনা বি.এড কলেজৰ শিক্ষয়িত্ৰী লীনা বুঢ়াগোহাঁইয়ে৷

আবেলি ৪-০১ বজাত বঁটা বিতৰণী অনুষ্ঠান,আলোচনা সত্ৰ আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে মহকুমাধিপতি,ঢকুৱাখনা কাৰ্তিক কলিতাই৷ইয়াৰ পিছতে আলোচক বিষয় হিচাপে “ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আদৰ্শ আৰু সৃষ্টিৰাজি সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা”খনি সঞ্চালনা কৰে সহঃশিক্ষক ,মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুকুমাৰ ফুকনে৷আলোচনা অংশগ্ৰহণ কৰে অমিয় কুমাৰ সন্দিকৈ,অবসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ঢকুৱাখনা মহাবিদ্যালয়,ড° কেশৱ চন্দ্ৰ হাজৰিকা,বিষয় শিক্ষক,ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়৷লগতে কাৰ্যসূচীৰ মাজে মাজে নৃত্যগীতেৰে দিনটোত জীপালহৈ পৰে৷