চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণহাটত অৱস্থিত কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ কাৰ্যালয়ত আজি বিজেপি মৰাণ নগৰ মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হয়। এই সভাত মৰাণ নগৰ মণ্ডলৰ সাংগাঠনিক দিশ শক্তিশালী কৰাৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী যোগেন মহনে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মৰাণ নগৰ মণ্ডল বিজেপিৰ নৱ নিযুক্ত সভাপতি শ্যাম গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, সম্পাদক কুশল দত্ত , মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ উপস্থিত থাকে।মৰাণ নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক তথা মৰাণ পৌৰসভাৰ উপ-পৌৰপতি উদয় শংকৰ গগৈয়ে আঁত ধৰা সভাখনত মণ্ডলৰ বিষয় ববীয়াৰ লগতে ৱাৰ্ড আয়ুক্ত সকল বুথ সমুহৰ সভাপতি সম্পাদক সকলৰ লগতে আান আন বিষয় ববীয়া সকল উপস্থিত থাকে।