Breaking, Bilasipara. বিলাসীপাৰা চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত এজন যাত্ৰী। ▪️ আজি বিলাসীপাৰা চহৰত সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা। ▪️ বলেৰ' পিক-আপ আৰু যাত্ৰীবাহী অটোৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনা। ▪️ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে শালমাৰা ৭ খণ্ডৰ গাওঁৰ আজমেশ আলী মণ্ডল(২৭)। ▪️ আহত আজমেশ আলী মণ্ডলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে। ▪️ ধুবুৰীৰ পৰা বিলাসীপাৰা অভিমুখে আহি আছিল যাত্ৰীবাহী অটোখন। ▪️ বলেৰ' পিক-আপ খনৰ নম্বৰ হৈছে- AS16C 3802 আৰু অটোখনৰ নম্বৰ হৈছে- AS17C 3727. পৰৱৰ্তী সময়ত ঘটনাস্হলীত বিলাসীপাৰা যান বাহন আৰক্ষীৰ দল উপস্থিত হৈ বাহন দুখন থানা লৈ যায়।