ৰহাত নবগঠিত বেচৰকাৰী সংস্থা ৰহিয়ালে আজি উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান প্ৰাপ্ত শতৰুপা বৰ কাকতিক সম্বৰ্ধনা জনাই।

     ৰহা ৰহিয়ালৰ সভাপতি বিকাশ দাস, উপ সভাপতি ৰাজেশ কুমাৰ নন্দী, সহকাৰী সম্পাদক চিকু ৰাজখোৱা, কোষাধ্যক্ষ ৰাহুল গাঁওখোবা,কাৰ্য্যালয় সহায়ক ৰক্তিম বৰদলৈ, সদস্য তেজাপ সেনাপতি আৰু প্ৰতিম নাথ সহ প্ৰতিনিধি দল আজি সন্ধ্যা ৭বজাত ৰহা সৰাগাঁও নিবাসী তথা শিক্ষক উৎপল কাকতি আৰু মীনাক্ষী কাকতিৰ সু কন্যা তথা ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰী শতৰুপা বৰকাকতিয়ে নগাঁও ৰামানুজন চিনিয়ৰ চেকেণ্ডৰী ৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান পাই ৰাজ্যৰ লগতে নগাঁও জিলা আৰু ৰহালৈ গৌৰব কঢিয়াই অনাত এখন ফুলাম গামোচা,জাপি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি অভিনন্দন জনাই আৰু উজ্বল ভবিষ্যত ৰ কামনা কৰে।