অসমীয়া গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগী ৰ দ্বাদশ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু ডুগডুগী খাওণ্ডেচনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত এদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰাৰ লগতে এই উপলক্ষে ডুগডুগী ৰ অসম বঁটা ২০২৪ প্ৰথম বাৰৰ বাবে সুকনানি ওজাপালি ৰ সাধক তথা দেবধনী নৃত্য ৰ ওজা পদ্মশ্ৰী, অসম চৰকাৰ ৰ অসম গৌৰৱ বঁটা প্ৰাপক দ্ৰোন ভূঞালৈ প্ৰদান কৰে অসম আৰক্ষী ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
জ্যোতি প্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানত ৰহাৰ বিভিন্ন সমাজ জীৱনৰ লগত জড়িত ৩৪গৰাকী ব্যক্তি আৰু হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৭৫ শতাংশৰ অধিক নম্বৰ লৈ উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৩৫০গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা জনোৱা হয়।লগতে ডুগডুগী স্বতাধিকাৰী, কবি,লেখক উৎপল বনিয়া ৰ দুখন গ্ৰন্থ আকাশ চুবলৈ মন যায় আৰু অসমীয়া গহনা গাঁঠৰীৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থ ৰ উন্মোচন কৰে ক্ৰমে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু বিশিষ্ট চিন্তাবিদ প্ৰদ্যন্ম গোস্বামীয়ে।
অনুষ্ঠানত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, বিশিষ্ট চিন্তাবিদ প্ৰদ্যন্ম গোস্বামী আৰু ডুগডুগী অসম বঁটা প্ৰাপক দ্ৰোন ভূঞাই সম্বোধন কৰে।
দিনৰ ১১বজাত বন্তি প্ৰজ্বলন আৰু সত্ৰীয়া নৃত্য ৰে শুভাৰম্ভ হোবা অনুষ্ঠানত বৰদোৱা নৰোবা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেবগোস্বামী,ৰহা হাৰিয়ামুখ দিহিং সত্ৰৰ সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামী কন্ঠশিল্পী মন্টুমনি শইকিয়া, এক শৰন ভাগবতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি,প্ৰধান সচিব জীবন চন্দ্ৰ কাকতি,নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুবা,ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস,ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা সহ ৰহা আঞ্চলিক আছু,জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদ, মাছ,তিবা ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, ৰহা লেখিকা সমাৰোহ সমিতি,ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলন, ৰহা শাখা সাহিত্য সভা,ৰহা সূৰ্যবতী শাখা সাহিত্য সভা,অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰ লগতে ৰহাৰ বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি সহ ৰহাৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষ,শিক্ষক শিক্ষয়ত্ৰী আৰু শতাধিক ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।