ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত দুলিয়া বৰুৱা গাঁৱৰ এগৰাকী বিবাহিত মহিলা শনিবাৰ পৰা সন্ধানহীন হোৱাৰ বাতৰিয়ে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কণিকা ব্ৰহ্ম নামৰ ২৬বছৰীয়া বিবাহিতা মহিলা গৰাকীৰ শনিবাৰে থানাখনৰ দুলিয়া বৰুৱা গাঁৱৰ স্বামী ৰঞ্জন চুতীয়াৰ ঘৰৰ পৰা স্বাভাৱিক ঘৰুৱা কৰি স্বাভাৱিক ভাবেই পোৱা ৯.৩০বজাত ঢকুৱাখনা নগৰ চাৰীয়ালীলৈ বুলি ওলাই গৈ নিশা পৰ্যন্ত ঘূৰি নাহিল।
পৰবৰ্তী সময়ত স্বামী ৰঞ্জন চুতীয়াই ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত এক গোচৰ তৰিছে। ঢকুৱাখনা আৰক্ষী যে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। স্বামী ঢকুৱাখনা নগৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত ব্যস্ত থকাৰ সুযোগ লৈ কোকোৰাঝাৰ জিলাৰ বাসু গাঁও থানা অন্তৰ্গত বড়ো কোচাকাটি গাঁৱৰ মনেন ব্ৰহ্মৰ কন্যা কণিকা ব্ৰহ্মই কি কাৰণত ঘৰৰ পৰা সোণৰ অলংকাৰ, বেংক পাছ বুক, এ টি এম কাৰ্ড সহ সকলো সামগ্ৰী লৈ উধাও হল সেয়ে স্বামী আৰু পৰিয়ালবৰ্গই জানিব পৰা নাই। বিপৰীতে কণিকাৰ দেউতাক ৰ গৃহ সৈতে ফোন যুগে সঘনাই যোগাযোগ কৰিও কোনো সুদূতৰ লাভ নকৰাত চিন্তিত হৈ পৰিছে স্বামী আৰু স্বামীৰ পৰিয়াল।