CBI য়ে শেহতীয়াকৈ SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে আন এটা CBI দলে এতিয়া অভিযান চলাইছে দুখনকৈ জিলাত। এক ভয়ংকৰ বিত্তীয় কেলেংকাৰীয়ে জোকাৰিছে যোৰহাট আৰু গোলাঘাট জিলা। চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।গোলাঘাট CBI দল। তিনিজনীয়া CBI দলে তীব্ৰ অভিযান চলাইছে বিভিন্ন স্হানত। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL ৰ যোৰহাট সংমন্ডলৰ অধীনৰ লগতে গোলাঘাট উপসংমন্ডলত সংঘটিত হৈছে বিত্তীয় কেলেংকাৰী। ২০১৮/১৯ বৰ্ষত গাও পঞ্চায়ত সমূহত Optical Fiber Cable দি ইন্টাৰনেটৰ ব্যৱস্হা কৰিছিল। যত এই প্ৰকল্পত ভয়ানক বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে BSNLৰ গোলাঘাট উপসংমন্ডলৰ পৰা ২০২০ বৰ্ষত স্বেচ্ছামুলক অৱসৰ গ্ৰহণ কৰা AGM মুনীন বৰুৱা বাসগৃহত CBI দলে অভিযান চলাই শুক্ৰবাৰে। উল্লেখ্য যে BSNL ৰ যোৰহাট সংমন্ডলৰ সেই সময়ৰ GM এইছ কে পাৱাৰ নাম এই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল। বিভাগীয় ভাবে কেলেংকাৰীৰ তদন্ত হৈছিল যদিও পাছত এই গোচৰ CBI ক হস্তান্তৰ কৰে BSNL য়ে। কেৱল গোলাঘাটতে নহয় যোৰহাট জিলাতো CBI দলটোৱে এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি বহু কেইজনক সোধপোছা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তামুলপুৰত বন্য হস্তীৰ আক্ৰমনত নিহত এজন
তামুলপুৰত বন্য হস্তীৰ আক্ৰমনত নিহত এজন। জিলাখনৰ আঙৰকাটা শান্তিপূৰ গাঁওৰ এগৰাকী মহিলাই আজি পুৱা...
Lok Sabha Election Phase 2 Voting: दूसरे चरण की वोटिंग, Rahul Gandhi सहित मैदान में कई दिग्गज
Lok Sabha Election Phase 2 Voting: दूसरे चरण की वोटिंग, Rahul Gandhi सहित मैदान में कई दिग्गज
সোণাৰি পৌৰসভাৰ কামকাজক লৈ অসন্তুষ্ট বিৰোধী দল কংগ্ৰেছ
সোণাৰি পৌৰসভাৰ কামকাজক লৈ অসন্তুষ্ট বিৰোধী দল কংগ্ৰেছ
হোজাই জিলাত চাৰিদিনীয়াকৈ আজিৰে পৰা আৰম্ভ হ'ব গুণোৎসৱ
হোজাই জিলাত চাৰিদিনীয়াকৈ আজিৰে পৰা হোজাইত আৰম্ভ হৈছে গুণোৎসৱ।হোজাই জিলাৰ বিদ্যালয়সমূহত পুনৰ...