ৰহাত আজি ডুগডুগী ট্ৰাষ্ট ৰ উদ্বোধন কৰাৰ লগতে ৩৩গৰাকী জ্যেষ্ঠ নাগৰিক সহ ৫গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা জনোৱাৰ লগতে ডুগডুগী স্বতাধিকাৰী উৎপল বনিয়াৰ "এদিন ইন্দ্ৰ হম "কবিতা পুথিৰ উন্মোচন হয়।

     ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত আজি দিনৰ ১বজাৰ পৰা ডুগডুগী ৰ স্বতাধিকাৰী উৎপল বনিয়া ৩৩সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া কেঁচা গহনাৰ প্ৰতিষ্ঠান ডুগডুগী ট্ৰাষ্ট ৰ উদ্বোধন নৰোবা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেব গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি কৰাৰ লগতে সাংবাদিক জ্যোতি প্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানত নৰোবা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেব গোস্বামী,মহৰা সত্ৰৰ সত্ৰাধিকাৰ জিবেশ্বৰ দেব গোস্বামী,ৰহা দিহিং সত্ৰৰ সত্ৰাধিকাৰ নয়নজ্যোতি গোস্বামীৰ লগতে শিক্ষা, কলা,সংস্কৃতি ৰ ক্ষেত্ৰত অবদান আগবঢ়োৱা নগাঁও, ৰহা ৰ ৩৩গৰাকী জ্যেষ্ঠ নাগৰিক ৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষাত সুখ্যাতিৰে উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা আৰ্থীক ভাবে দুৰ্বল ৫ গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক ফুলাম গামোচা,জাপি,সম্বৰ্ধনা পত্ৰ,গ্ৰন্থ, চেলেং আৰু গছপুলি প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জনোৱা ৰ লগতে উৎপল বনিয়াৰ "এদিন ইন্দ্ৰ হম"কবিতা পুথি জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ তথা ডুগডুগীৰ ব্ৰেণ্ড এম্বেচেডৰ গৰিমা শইকিয়া গাৰ্গ কৰি সম্বোধন কৰে আৰু ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা গছপুলি ৰুপন কৰে।অনুষ্ঠানত বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠান ৰ  প্ৰতিনিধি সকলৰ লগতে নগাঁও,ৰহা ৰ পৰা অহা পুৰুষ মহিলা যুবক, যুবতী সকলে উপস্থিত থাকি উৎপল বনিয়া ক ৩৩ সংখ্যক ওপজা দিনত  উপহাৰ প্ৰদান কৰি শুভেচ্ছা জনাই।