মৰাণত তীব্ৰ বেগেৰে অধিক উচ্চ শব্দ প্ৰয়োগ কৰি দীৰ্ঘদিনৰ পৰা মৰাণ নগৰত উদণ্ড বাইক চালকে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে যোৱা নিশা মৰাণ আৰক্ষীয়ে মৰাণৰ তিলৈত তালাচী কৰি থাকোতে আৰক্ষীৰ তালাচীৰ পৰা হাতসাৰিবলৈ এগৰাকী উদণ্ড বাইক চালকে পলাওতে দুৰ্ঘটনাত পতিত হয়। উদণ্ড বাইক চালকটো মৰাণ জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ স্বপ্ননীল ফুকন (১৭) বুলি জানিব দিয়ে আৰক্ষীয়ে। লগতে মৰাণ আৰক্ষীয়ে অভিভাৱক সকলক সস্তম হবৰ বাবেও আহ্বান জনাই।  বৰ্তমান মটৰচাইকেল খন মৰাণ আৰক্ষীয়ে জব্দ কৰিছে।