ৰাজ্যৰ ক্ৰীড়া সংগঠকৰ অন্যতম সংগঠন মঙ্গলদৈ ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সন্থাৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয়।উক্ত সভাত সভাপতিত্ব কৰে মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সভাপতি ,প্ৰাক্তন বিধায়ক ,অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। ক্ৰীড়া সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ মনোনীত কৰ্মকৰ্তা সকলৰ লগতে শুভাকাঙ্খী ব্যক্তি সকলৰ উপস্হিতিত সন্থাৰ সম্পাদক, বিশিষ্ট উদ্যোগপতি অনুপম ডেকাই বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন আৰু হিচাব পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰে। সদনৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে পৰৱৰ্তী চাৰিটা বৰ্ষৰ কাৰ্যকালৰ বাবে গুৰুজ্যোতি দাসক পুনৰ সভাপতি, উপ-সভাপতি পদত যথাক্ৰমে বীৰেণ দাস, প্ৰতাপ বৰদলৈ, বসন্ত কুমাৰ ডেকা, প্ৰকাশ ডেকা, আনহাতে সম্পাদক পদত অনুপম ডেকা ,সহঃ সাধাৰণ সম্পাদক পদত হিমাঞ্জন শৰ্মা আৰু প্ৰণৱ বৰুৱা, কোষাধ্যক্ষ পদত শম্ভূনাথ দেৱক লৈ প্ৰায় ৪৫ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।কেইবাগৰাকী ব্যক্তিয়ে বিভিন্ন দিশত ক্ৰীড়া সন্থাৰ পৰ্যালোচনা কৰে। জিলাখনৰ ক্ৰীড়ানুৰাগী মহলে নতুন সমিতিক শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত সন্হাৰ নেতৃত্বত ক্ৰীড়াৰ মানদণ্ড উন্নীতকৰণেৰে সবল সংগঠকৰ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર માં રખડતાં ઢોર નો ત્રાસ
સિહોર શહેરમાં રખડતા ઢોરને કારણે નગરજનો અને વાહનચાલકો ત્રાહિમામ સિહોરમાંથી પસાર થતા હાઈવે પર વાહન...
शशि थरूर बोले- देश में हिंदू नहीं, संविधान खतरे में; अब विपक्ष की आवाज सुनी ही नहीं जाती
चुनाव नजदीक हैं और कांग्रेस हर मंच से सत्ता पक्ष की नीतियों को निशाना बनाने का मौका नहीं...
कल होगी ट्रांसपेरेंट डिजाइन वाले Nothing Phone (2a) की एंट्री, जानिए क्या होंगे स्पेसिफिकेशन
ट्रांसपेरेंट डिजाइन वाले Nothing Phone (2a) को मोबाइल वर्ल्ड कांग्रेस (MWC 2024) इवेंट के दूसरे...