৩ জুনত মঙ্গলদৈ বামুণপাৰাস্হিত পুনৰজীৱন নিচামুক্তি কেন্দ্ৰত ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটি, দৰং জিলা শাখাৰ উদ্যোগত এখন সজাগতা সভা অনুস্থিত হয়। ৰাতিপুৱা ১১-০০ বজাত কেন্দ্ৰৰ আৱাসি সকলৰ এটি প্ৰাৰ্থনাৰে সভা অনুস্থিত হয়। আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, সমল ব্যক্তি আৰু অতিথি সকলৰ চিনাকি আৰু আদৰণি পৰ্বৰ পিছতে ৰেডক্ৰছৰ দৰং জিলা শাখাৰ উপাধ্যক্ষ সমুদ্ৰ কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলনৰে আদৰণী ভাষণ ৰাখে।মানৱতাবাদী সংগঠন "কৰুণাধাৰা"ৰ দৰং জিলা সহায়ক সমিতিৰ সম্পাদক , অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই সমূহ আবাসীক জীৱনৰ সেন্দুৰীয়া পথৰ সন্ধানত অগ্ৰসৰ হ'বলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানতে 'কৰুণাধাৰা' ৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত পাথৰিঘাটৰ এজন ৰোগীলৈ আগবঢ়োৱা ২০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। জিলা শাখাৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মাই আত ধৰা সজাগতা সভাখনত নিদিষ্ট বক্তাৰ ভাষণত "ধপাত আৰু মাদক দ্ৰব্য সেৱনৰ ফল আৰু কিছু পৰামৰ্শ " বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়ায় ক্ৰমে দৰং জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু মঙ্গলদৈ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা: ৰমেশ চন্দ্ৰ গোস্বামীয়ে । দুয়োগৰাকী চিকিৎসকে সমাজত "ধপাত আৰু মাদক দ্ৰব্য" সেৱনৰ ফলত হ'ব পৰা বিভিন্ন বেমাৰৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ লগতে কেন্দ্ৰটোৰ আবাসী সকলৰ সৈতেও মতবিনিময় কৰে। যোগ প্ৰশিক্ষক অৰ্জুন দাসে নিচাসক্ত ব্যক্তিয়ে কেনেকৈ যোগাসন, প্ৰণায়াম আৰু খাদ্য নীতি ৰ সহায়ত এটা সুস্থিৰ জীৱন লাভ কৰিব পাৰে তাৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান , দৰং ৰ প্ৰশিক্ষক কিশোৰ কুমাৰ শৰ্মাই কেনেদৰে ভিন্ন প্ৰশিক্ষণ/আচঁনিত অন্তৰ্ভুক্ত হৈ স্বনিয়োজনৰ উপযোগিতাৰ সুফল লাভ কৰি নিজৰ লগতে পৰিয়ালৰ প্ৰতি অৰিহনা আগবঢ়াব পাৰে সেয়া অৱগত কৰে।খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, পৰিবেশ বিজ্ঞানী ড° বুধিন হাজৰিকাই সমাজত ধপাত আৰু মাদক দ্ৰব্য সেৱনৰ ফল আৰু সমাজ সচেতনতা" বিষয়ত গঠন মূলক দিহা-পৰামৰ্শ আবাসী সকলৰ উদ্দেশ্যে প্ৰদান কৰে।

ভাৰতীয় ৰেডক্ৰছ ছ'ছাইটি দৰং জিলা সমিতিৰ আজীৱন সভ্য মহেশ গোস্বামী, প্ৰমোদ চন্দ্ৰ শৰ্মা, অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত উচ্চ পদস্থ বিষয়া হৰেণ কাকতিয়ে এনে ধৰণৰ সজাগতা সভাই আবাসী সকলক শুদ্ধ পথলৈ উভতি অহাত মনোবল যোগাব বুলি আশা প্ৰকাশ কৰে। ৰেডক্ৰছৰ জিলা শাখাৰ অধ্যক্ষ গোবিন্দ উপাধ্যায় এ আৰ্শীবাদ মূলক বক্তব্য প্ৰদানৰ পিছতে জিলা শাখাৰ সম্পাদক হৰি চন্দ্ৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়াই। নিচামুক্তি পুনৰজীৱন কেন্দ্ৰটোৰ পৰিচালক ফাৰুক আলম ৰিজোৱানে উপস্হিত আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰে। আৱাসি সকলৰ সংশোধন আৰু মঙ্গল কামনাৰে অসম সংগীতেৰে কাৰ্যসূচীৰ সামৰণি পৰে।

©SCNU-07062023