চৰাইদেউ জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সমাজসেৱা সম্পাদিকা উদ্যোগত আৰু মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰাণ মহাবিদ্যালয়ৰ চৌপাশত সোণাৰু, কৃষ্ণচূড়া,ৰাধাচূড়া আৰু দেৱদাৰুৰ বহু সংখ্যক গছ পুলি ৰোপন কৰা হয় । এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মিতালী কোঁৱৰ, উপাধ্যক্ষা মধুৱালা শইকীয়া ,জেষ্ঠ আধ্যাপক নবীন গগৈ, জেষ্ঠ কৰ্মচাৰী ৰাজকুমাৰ বৰুৱাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থকাৰ লগতে ছাত্ৰ একতা সভাৰ উপ-সভাপতি ৰক্তোপলজ্যোতি মহন, সাধাৰণ সম্পাদক শীৰ্ষজ্যোতি মহন , সহ: সম্পাদক আশীষ চুতীয়া, সমাজসেৱা সম্পাদিকা ছায়ামনী বৰাকৰ সমান্তৰালকৈ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ সেউজ কুমাৰ ফুকন, বিৰাজ বিকাশ গগৈ,কল্পজ্যোতি চাংমাই,ত্ৰিণয়ন ফুকন,পৰিণিতা ফুকনৰ সমান্তৰালকৈ বহু সংখ্যক ছাত্ৰ একতা সভা আৰু ছাত্ৰ সমাজৰ বিষয়ববীয়া উপস্থিত থাকে।
ইয়াৰ লগতে মৰাণ মহাবিদ্যালয় NSS গোটেও দিনটোত কেইবাটাও কাৰ্যসূচীৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰাত ভূমিকা গ্ৰহণ কৰে আৰু সমগ্ৰ বিশ্ববাসীক পৰিৱেশ প্ৰদূষণ কৰা আঁতৰি থাকিবলৈ আহ্বান জনাই ।
আজিৰ দিনটোৰ পৰাই মৰাণ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে পৰিৱেশ সংৰক্ষণৰ যাত্ৰা নতুনকৈ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।