অসমৰ বঙাইগাঁৱত বলপূৰ্বক ধন দাবীৰ অভিযোগত এজন আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ হৈছে। বঙাইগাঁও আৰক্ষী থানাৰ এক আৰক্ষী কনিষ্টবলক দেওবাৰে ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
বঙাইগাঁও আৰক্ষী থানাৰ মজিবৰ ৰহমান নামৰ কনিষ্টবলজনক এজন অভিযোগকাৰীৰ এজাহাৰৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। এজাহাৰত অভিযোগ দিয়া হৈছিল যে ৰহমানে অভিযোগকাৰীক আৰক্ষীৰ ঘটনাৰ প্ৰতিবেদন প্ৰদান কৰাৰ নামত ধন দাবীৰ চেষ্টা কৰিছিল।
কনিষ্টবলজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১৬৩/৩৮৪/৫১১ অধীনত বঙাইগাঁও আৰক্ষী থানাত গোচৰ নং ৩০৫/২২ ৰুজু কৰা হৈছে।
ধন দাবী কৰি অসম আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ!

