অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত সদৌঅসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে আজি চৰাইদেউ জিলাৰ মৰাণ নগৰত পুৱাৰে পৰা অনশন কাৰ্য্যসূচী গ্ৰহন।কৰিছে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে। আছুৰ।সদস্যসকলে মৰাণ নগৰৰ ট্ৰেফিক তিনি আলিত অৱস্থান গ্ৰহন কৰি অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ।বিৰুদ্ধে ১০ ঘণ্টীয়া অনশণ কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্য্যসূচীত অংশ গ্ৰহন কৰি আছুৰ মৰাণ আঞ্চলিক সমিতিৰ নেতৃত্বই মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত চৰকাৰৰ দ্বাৰ মাতৃভাষা আতৰাই জোৰকৰি ইংৰাজী ভাষা জাপি দিয়া কাৰ্য্য কেতিয়াও গ্ৰহন কৰা নহয় বুলি সঁকিয়াই দিয়ে। অসমীয়া মাধ্যমৰ শিক্ষাব্যৱস্থা ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আছুৱে সমগ্ৰ ৰাজ্যতে আন্দোলন গঢ়ি তুলিব বুলি সকিয়নি দিয়ে।