প্ৰায় ৩৫ টা বসন্ত ভ্ৰাম্যমান নাট্যদলত মঞ্চত অভিনয়ৰে খোলকনিৰ সৃষ্টি কৰা এগৰাকী শিল্পীৰ দুৰৱস্থা!

শিল্পী গৰাকী বাক্সাৰ বৰমাৰ মেৰকুছিৰ ৰমেশ চন্দ্ৰ ডেকা(৭০)!

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ বাগানপাৰা সমষ্টিৰ এই গৰাকী শিল্পী এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈ দুৰ্বিসহ জীৱন নিৰ্বাহ কৰি আহিছে!

শিল্পী পেঞ্চনৰ বাবে বহু কেইবাৰ আবেদন নিবেদন কৰিছিল যদিও আজি পৰ্যন্ত শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ লগতে কোনো চৰকাৰী আচনিয়ে ঢুকি পোৱা নাই এই গৰাকী শিল্পীক!

কহিনুৰ,ভাগ্যদেৱী,মকুন্দ থিয়েটাৰৰ লগতে বিভিন্ন খন ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰি সমাদৰ লাভ কৰা এই গৰাকী শিল্পীয়ে শিল্পী পেঞ্চনৰ লগতে আন আন চৰকাৰী আচনি লাভ কৰিবনে?

ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আতৰি আহি এই গৰাকী শিল্পীয়ে কিছুদিন হোটেল চলায় হোৱা উপাৰ্জনৰ টকাৰে জীৱন নিৰ্বাহ কৰি আহিছিল!

পিচত এই গৰাকী শিল্পী ডায়বেটিছৰ লগতে ভিন্ন ৰোগত আক্ৰান্ত হোৱাত হোটেল বন্ধ কৰি দিছিল আৰু এতিয়া বিচনাত শয্যাগত হৈ থাকি জীৱন অতিবাহিত কৰিব লগা হৈছে!

আজি পুত্ৰ স্নেহ আৰু বোৱাৰীয়ে কৰা শ্ৰদ্ধা,মৰমৰ বাবে জীৱিত হৈ আছে এই গৰাকী শিল্পী!