হোজাইৰ মৰ্কজ একাডেমীত এসপ্তাহৰ পূৰ্বে টিংখাঙৰ এজন মেধাৱী ছাত্র ৰহস্যজনক মৃত্যুৰ ঘটনাই এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে টিংখাঙত। বামোণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত টিংখাঙৰ দুই নং দীঘলীয়া গাঁৱৰ দশম শ্ৰেণীত অধ্যয়ন কৰি থকা মেধাৱী ছাত্ৰ ফাৰহাচ হুছেইনৰ মৃতদেহ উদ্ধাৰ হয় এটা পুখুৰীত। 

ৰহস্যজনকভাৱে এটা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিদ্যালয় খনৰ লগতে ছাত্র জনৰ বাসগৃহৰ ঔফুলীয়াৰ দুই নং দীঘলীয়া গাঁৱতো সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। শনিবাৰে হোজাই মৰ্টজ একাডেমীত সংঘটিত হোৱা এই ঘটনাৰ বাবে মৃত ছাত্র জনৰ পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰ উদ্দিন আজমলসহ এটা দল টিংখাঙৰ ছাত্র জনৰ বাসগৃহত উপস্থিত হৈ ন্যায় ব্যৱস্থাত আজমলে সহায় কৰিব বুলি কয় যদিও আশ্বস্ত হোৱা নাই তেওঁলোক। পৰিয়ালৰ লোকে ফাৰহাচ হুছেইনৰ অকাল মৃত্যুক সহজভাৱে লব পৰা নাই । তেওঁলোকৰ দাবী এইয়া এক পৰিকল্পিত হত্যাকাণ্ড । ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হোজাইত এজাহাৰ দাখিল কৰিছে । কিন্তু লক্ষ্যণীয় ভাৱে মকজল একাডেমিৰ কতৃপ্যক্ষইও মৃত ছাত্ৰ জনৰ পৰিয়ালৰ ওপৰতহে গোচৰ ৰোজু কৰিছে। ঘটনাৰ বুজ লবলৈ ছাত্ৰ জনৰ ঘৰত টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা উপস্থিত হৈ দুখৰ সমভাগী হোৱাৰ লগতে ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ গতি খৰতকীয়া কৰি দুভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ হোজাই আৰক্ষী প্ৰশাসনক ছাত্র জনৰ বাসগৃহৰ পৰাই হোজাই আৰক্ষী অধিক্ষকলৈ ফোন কৰি তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায় তাৰ বাবে দাবী আহ্বান জনাইছে মন্ত্ৰী বিমল বৰাই