চৰাইদেউৰ মাহমৰাত হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান

চৰাইদেউ জিলাৰ মাহমহা বিধানসভা সমষ্টিৰ অধীনস্থ কচুমাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত বিধানসভা সমষ্টিটোৰ ১০ গৰাকী হিতাধিকাৰীৰ মাজত আয়ুষ্মান অসম কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। 

অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনে তেওঁৰ বক্তব্যত আজিৰ দিনটো মাহমৰা সমষ্টিৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰি কয় যে, জিলাখনত আয়ুষ্মান অসম কাৰ্ড আজি আনুষ্ঠানিকভাৱে মাহমৰা সমষ্টিৰ পৰা আৰম্ভ হৈছে, কালিলৈ সোণাৰি সমষ্টিত বিতৰণ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত জিলাখনৰ পঞ্চায়তসমূহৰ জৰিয়তে এই কাৰ্ড হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা হ'ব। জিলাখনৰ সমূহ ৰাষ্টীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে এই কাৰ্ড লাভ কৰাৰ বাবে যোগ্য বুলিও তেওঁ মন্তব্য কৰে। অৱশ্যে আধাৰ কাৰ্ডৰ ই কে ৱাই চি হোৱাটো অপৰিহাৰ্য বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰী গৰাকীয়ে কয় যে, বেমাৰ নোহোৱাটোৱেই সকলোৰে কাম্য। অৱশ্যে, বেমাৰত পৰিলে আৰ্থিক দৈন্যতাৰ বাবে এতিয়া কোনো স্বাস্থ্য সেৱা লাভৰ পৰা বঞ্চিত হ'ব নালাগে। তেওঁ কয় যে, আয়ুষ্মান অসম কাৰ্ডৰ সহায়ত ভাৰতৰ ৩০,০০০ চিকিৎসালয়ত এবছৰত ৫ লাখ টকালৈকে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁ আশা কৰ্মী, জীৱিকা সখী, বেংক সখীসকলক এই আঁচনিৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনায়।

অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলাৰ নৱ- নিযুক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে উপলব্ধ সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে, ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণকামী আঁচনিৰ ভিতৰত "আয়ুষ্মান অসম" সৰ্বোত্তম, কিয়নো এই আঁচনীয়ে জনসাধাৰণক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা নিশ্চিত কৰিব। তেওঁ কয় যে, "দেহা থাকিলেহে বেহা"। স্বাস্থ্য বেয়া থাকিলে সকলো বস্তু অসাৰ। তেওঁ লগতে কয় যে, বৰ্তমানলৈ জিলাখনৰ ৮৯% লোকৰ আধাৰ পঞ্জীয়ন সম্পূৰ্ণ হৈছে আৰু ইয়াৰে ৬৭% হিতাধিকাৰীৰ ই কে ৱাই চি সম্পন্ন হৈছে। তেওঁ বাকী ৰৈ যোৱা সকলোকো তেওঁ অতিশীঘ্ৰে ই কে ৱাই চি কৰিবলৈ আহ্বান জনায়। 

অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়ায় স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত অভিজিত গগৈয়ে। 

আজিৰ অনুষ্ঠানত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ তৌফিক হুছেইন, কচুমাৰি গাঁও পঞ্চায়তৰ সভাপতি নৱ বৰুৱাৰ লগতে জিলাখনৰ ভালেসংখ্যক আশাকর্মী, জীৱিকা সখী, বেংক সখীৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে, জ্যেষ্ঠ স্বাস্থ্য কৰ্মী মৃত্যুঞ্জয় দাসে আঁত ধৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ জিলা প্রকল্প পৰিচালক অভিজিত শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।