গোৰেশ্বৰত ডি ৱাই এফ আই -এচ এফ আইৰ যুটীয়া সংবাদমেল

ৰাজ্য চৰকাৰে দিল্লীক সন্তুষ্ট কৰাৰ বাবে হিন্দীবলয়ৰ শিক্ষক নিযুক্তি দিব বিচাৰিছে

চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডক নিঃশেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ কৰি আহিছে ৷ এতিয়াও বহুতো প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকৰে চলি আহিছে ৷ তামুলপুৰ জিলাৰ প্ৰায় এশখন প্ৰাথমিক বিদ্যালয় এতিয়াও এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আহিছে ৷ এইটো বৰ দুখজনক ৷ এই মন্তব্য ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক নিৰংকুশ নাথৰ ৷ আজি বিয়লি চিপিআই (এম)ৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ স্থায়ী কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ডি ৱাই এফ আইৰ নেতা গৰাকীয়ে আৰু কয় 

চৰকাৰে বিৰাট চমক সৃষ্টি কৰি ৫১হাজাৰ নিযুক্তি দিয়াৰ কথা কৈছে ৷ ইয়াত বৈষ্ণম্য হৈছে ৷ এজন প্ৰাৰ্থীয়ে ৪/৫টা পদত নিযুক্তি পাইছে ৷ এই হিচাপত বহুতো পদ খালী হৈ ৰ’ব ৷ ৰৈ যোৱা পদত কাট অফ নম্বৰৰ ভিত্তিত পদবোৰ পূৰণ কৰিব লাগে ৷ শিক্ষাৰ ক্ষেত্ৰত তেওঁ আৰু কয় চৰকাৰৰ কৰ্মপুথি লগত পাঠ্যপুথিৰ মিল নাই৷ মাতৃভাষালৈ বিজেপি নেতৃত্বাধীন চৰকাৰে অন্ধকাৰ নমাই আনিছে বুলি অভিযোগ উত্থাপন কৰে ৷ যুবনেতা গৰাকীয়ে আৰু কয় গণিত আৰু বিজ্ঞানৰ পুথি চৰকাৰে ইংৰাজী ভাষাত প্ৰকাশ কৰি গাঁও এলেকাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । উত্তৰ প্ৰদেশ, বিহাৰ আদি ঠাইৰ প্ৰাৰ্থীক অসমৰ শিক্ষক পদত নিযুক্তি দিয়াৰ অপচেষ্টা কৰিছে । এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগে। শিক্ষাক অধিক কেন্দ্ৰীয় কৰণৰ চেষ্টা কৰিছে । ছাত্ৰ ছাত্ৰীক আন্তৰিকতাৰে শিক্ষা লাভ কৰিব পৰা সুবিধা দিব লাগে ৷ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ভাষ্যৰ প্ৰতুত্তৰত নেতা গৰাকীয়ে বিজেপি চৰকাৰেহে সংবিধান উলংঘা কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক শিক্ষক নিযুক্তি দিয়াৰ অপচেষ্টা কৰিছে ৷ একেখন সংবাদমেলত এচ এফ আই ৰাজ্যিক সমিতিৰ সভাপতি হৰ্ষজিত দাসেও এজনীয়া শিক্ষকৰে চলি থকা বিদ্যালয়বোৰত শিক্ষক নিযুক্তি দিয়াৰ দাবীৰ লগতে অসমত বহিঃৰাজ্যৰ শিক্ষক নিযুক্তি দিয়াৰ চেষ্টা বন্ধ কৰাৰ দাবী জনায় ৷ উক্ত সংবাদমেলত এচ এফ আইৰ তামুলপুৰ জিলা সমিতিৰ সম্পাদক সঞ্জীব বৈশ্যই গোৰেশ্বৰ মহাবিদ্যালয়ত অধ্যক্ষ নিযুক্তি দিয়াৰ প্ৰসংগ উত্থাপন কৰি কয় সদ্য নিযুক্ত অধ্যক্ষ ডঃ প্ৰমোদ মেধিৰ ওপৰত উত্থাপিত অভিযোগ সমূহ নিৰপেক্ষ তদন্ত হ’ব লাগে । ইতিমধ্যে উক্ত মহাবিদ্যালয় শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ প্ৰতিভা পাটোৱাৰীয়ে অধ্যক্ষ বাচনি পৰীক্ষাত অধিক নম্বৰলৈ উত্তীৰ্ণ হোৱাৰ পিচতো তেওঁক বঞ্চিত কৰি অন্য দ্বিতীয় স্থানত থকা প্ৰাৰ্থী গৰাকীয়ে কাৰ চক্ৰান্তত অধ্যক্ষ পদত নিযুক্তি লাভ কৰিবলৈ সুবিধা পালে ৷ সেইয়ে এচ এফ আইৰ তামুলপুৰ জিলা সমিতিয়ে দাবী জনাও বিষটো তদন্ত হ’বলৈ দাবী জনাইছো । অন্যাথা এচ এফ আইয়ে গণতান্ত্ৰিক আন্দোলন পথ গ্ৰহণ কৰাৰ বাহিৰে গত্যন্তৰ নাই বুলি সংবাদ মেলত প্ৰকাশ কৰে ৷