সমগ্ৰ ৰাজ্য কঁপাই যোৱা এচ আই।জোনমনি ৰাভাৰ মৃত্যুৰ উচ্চপৰ্য্যায়ৰ তদন্ত কৰিবলৈ আজি মৰাণত দাৱী জনালে গৰীয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বুলবুল ৰহমানে।ৰহমানে কয় যে এই সমগ্ৰ ঘটনাৰ তদন্ত চি আই ডি নহয় , চিবি আই তদন্ত কৰিব লাগে আৰু ঘটনাৰ লগত জড়িত সকলো দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।