২০১২ চনতেই ভূমি অধিগ্ৰহণ কৰা ভূমিৰ প্ৰাপ্য বিছাৰি এইবাৰ গোলাঘাটৰ ৰাজপথত নামিল স্থানীয় লোক ৷ কৃষিজীৱী লোকসকলৰ ম্যাদী পট্টাৰ মাটি পথৰ বাবে নিজ ইচ্ছামতে এৰি দিয়াৰ পিছতো আজিপৰ্য্যন্ত নাপালে ভূমি অধিগ্ৰহণৰ ধণ ৷ যাৰবাবে এতিয়া চৰকাৰলৈ কাতৰ আহ্বান এইসকল ভুক্তভোগী কৃষকৰ ৷ ২০১২ চনতেই ভূমি অধিগ্ৰহণ কৰাৰ পিছতো আজিপৰ্য্যন্ত প্ৰাপ্য ধন নাপায় ক্ষোভ উজাৰিলে সাধাৰন কৃষকসকলে ৷ পুলিবৰৰ পৰা ৰঙাজান সংযোগী প্ৰায় ৭ কিল’মিটাৰ দৈঘ্যৰ পথচোৱা বৰ্তমান পুনৰ নিৰ্মাণত বাধা প্ৰদান ৰাইজৰ ৷ তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওঁগে এইসকল কৃষক ৰাইজক ভূমি অধিগ্ৰহণৰ ধন শীঘ্ৰেই মুকলি কৰাৰ কথা উল্লেখ কৰিছিল যদিও আজিপৰ্য্যন্ত নোপোৱাত এতিয়া ক্ষোভত ফাটি পৰিছে এইসকল লোক ৷ অঞ্চলটোৰ প্ৰায় পঞ্চাশটা কৃষক পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰাৰ পিছতো প্ৰায় ১১ কোটি টকা দিবলৈ বাকী থকাৰ কথা উল্লেখ কৰে পৰিয়ালকেইটাই ৷ হাইট্ৰেক নামৰ পথ নিৰ্মাণ সংস্থাটোৱে নিৰ্মাণ কৰা পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ পিছত পুনৰ নিৰ্মাণৰ বাবে যো-যা কৰোতেই কাম বন্ধ কৰিলে এইসকল ভুক্তভোগী পৰিয়ালৰ ৷ তেওঁলোকৰ মতে সেইসময়ৰ গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওঁগে আশ্বাস পিছতো আজিপৰ্য্যন্ত অধিগ্ৰহণৰ ধন লাভ নকৰাত এতিয়া মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালকেইটাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જૂનાગઢમાં ટીબી વિભાગના આઉટ સોર્સિંગ કર્મીઓ પોતાની માંગણીઓ ને લઇ ગરબે ઘૂમી વિરોધ નોંધાવ્યો
જૂનાગઢમાં ટીબી વિભાગના આઉટ સોર્સિંગ કર્મીઓ પોતાની માંગણીઓ ને લઇ ગરબે ઘૂમી વિરોધ નોંધાવ્યો
Karnataka: दस्तावेज दिखाते हुए सीएम सिद्धारमैया बोले- MUDA के तहत कोई घोटाला नहीं हुआ, भाजपा-जेडीएस कर रहे गुमराह
बेंगलुरु। कर्नाटक के मुख्यमंत्री सिद्धारमैया ने शुक्रवार को यह साबित करने के लिए दस्तावेजी...
Earthquake: तुर्किये में एक बार फिर महसूस हुए भूकंप के झटके, जानमाल के नुकसान की खबर नहीं
तुर्किये में एक बार फिर भूकंप के झटके महसूस किए गए। रिक्टर पैमाने पर भूकंप की तीव्रता चार मापी...
নলবাৰীৰ ঘগ্ৰাপাৰ থানাত স্বামীক তদা পিতৃক বিচাৰি হিয়া ভঙা কান্দোন পত্নী-পুত্ৰৰ
নলবাৰীৰ ঘগ্ৰাপাৰ থানাত স্বামীক তথা পিতৃক বিচাৰি হিয়া ভঙা কান্দোন পত্নী পুত্ৰৰ
વઢવાણ વિધાનસભા બેઠક પરથી બે વાર ચૂંટણી લડેલા કોંગ્રેસના દિગ્ગજ નેતા હિમાંશુ વ્યાસે રાજીનામું આપ્યું:ભાજપમાં જોડાય તેવી ચર્ચા
વઢવાણ વિધાનસભા સીટ પરથી બે વખત ચૂંટણી લડેલા કોંગ્રેસના દિગ્ગજ નેતાએ રાજીનામું ધરી દેતા ચૂંટણી...