সোণাৰি সাৰ্বজনীন ভৈৰৱ মন্দিৰৰ গৃহৰ আধাৰশীলা স্থাপন। 

২০২২-২৩ বিত্তীয় বৰ্ষৰ আবণ্টিত বিধায়ক পুঁজিৰ অধীনত পাঁচ লাখ টকা ব্যয়ৰে নিৰ্মাণ হবলগীয়া চৰাইদেউ জিলাৰ সোণাৰিৰ সাৰ্বজনীন ভৈৰৱ মন্দিৰ গৃহটিৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি কামৰ শুভৰাম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে ৷

উক্ত অনুষ্ঠানত উপস্থিত আছিল সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ , উপ-পৌৰপতি স্বাক্ষৰজ্যোতি গগৈ ,ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কাজল দে,ৱাৰ্ড আয়ুক্ত গিৰীন গগৈ ,ভাস্কৰ বৰুৱা ,ৱাড আয়ুক্তা অঞ্জলী খঙ্গীয়া, ৱাজিডা বেগম,মিতালী মণ্ডল,কল্পনা হাজৰিকা চৰাইদেউ মিডিয়া কোষৰ আহ্বায়ক বিজয় গগৈৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে