পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হ’ল কৃষিমন্ত্ৰী অতুল বৰা ৷ আছুত থকা দিনবোৰ ৰোমন্থন কৰি মন্ত্ৰীগৰাকী নষ্টালজিয়া হৈ পৰাৰ লগতে নিজ গৃহত পৌৰাণিক দুহেজাৰ বিধ সামগ্ৰীৰে নৱপ্ৰজন্মৰ বাবে মুকলি কৰিলে এটি সংগ্ৰহালয়। মন্ত্ৰী অতুল বৰাৰ গোলাঘাটৰ বাসগৃহত স্থাপন এই সংগ্ৰহালয়ত কি কি সামগ্ৰী আছে চাওক এই প্ৰতিবেদন। শ বছৰীয়া সামগ্ৰীৰ পৰা পাঁচশ বছৰীয়া বৰটোপলৈকে । আহোম শাসনকালৰ সামগ্ৰীৰ পৰা নাগালেণ্ডৰ বিভিন্ন সামগ্ৰীলৈকে । আজিৰ নতুন প্ৰজন্মই চিনি নোপোৱা অসমীয়া চহা জীৱনৰ কৃষি সামগ্ৰীৰ পৰা বহু ইতিহাস হৈ যোৱা সামগ্ৰীৰে সংগ্ৰহালয়টো স্থাপনৰ ক্ষেত্ৰত বহু অৰিহণা আছে মন্ত্ৰীৰ ভাতৃৰ ৷ মন্ত্ৰীগৰাকীয়ে পিতৃৰ জন্মদিনটোত ককাক যোগ বৰাৰ সোঁৱৰণত প্ৰতিষ্ঠা কৰা সংগ্ৰাহলয়টো মুকলি কৰে পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ড°হেমেন্দ্ৰ নাথ দত্তই ৷ মন্ত্ৰীগৰাকীৰ ভাতৃয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ বছৰ ধৰি গোটাই অৱশেষত সংগ্ৰাহলয়টো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোতে কৰা কৰ্মৰাজিবোৰ পেপাৰ কাৰ্ডসমূহ নিজ ভাতৃয়ে সুন্দৰকৈ সজাই থোৱা দেখি আৱেগিক হৈ পৰে মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰীগৰাকীয়ে শ্মৰণ কৰে আছুত থকা দিনবোৰৰ কথা ৷ পিতৃৰ জন্মদিনৰ দিনটোত ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰি সম্পূৰ্ণ ঘৰুৱা পৰিবেশত থাকি মন্ত্ৰীগৰাকীয়ে আজি ব্যতিক্ৰমীভাৱে পালন কৰা দেখা গ’ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sanjay Singh Full Speech: BJP के खिलाफ AAP नेता Sanjay Singh Electoral Bond पर किया बड़ा खुलासा
Sanjay Singh Full Speech: BJP के खिलाफ AAP नेता Sanjay Singh Electoral Bond पर किया बड़ा खुलासा
Mumbai Storm: आंधी-तूफान के साथ बारिश बनी आफत, 8 लोगों की मौत, NDRF की तैनाती | Aaj Tak
Mumbai Storm: आंधी-तूफान के साथ बारिश बनी आफत, 8 लोगों की मौत, NDRF की तैनाती | Aaj Tak
Avenue Supermart Share Update | कितना कूदेगा एवेन्यू सुपरमार्केट का शेयर? जानिए CLSA की भविष्यवाणी
Avenue Supermart Share Update | कितना कूदेगा एवेन्यू सुपरमार्केट का शेयर? जानिए CLSA की भविष्यवाणी
বিশিষ্ট চিত্ৰকাৰ পৱিত্ৰ দুৱৰা ৰহমৰীয়া ফুকনৰ খাতত বাৰ্ধক্য জনিত কাৰণ মৃত্যু , দল সংগঠনৰ শোক প্ৰকাশ
বিশিষ্ট চিত্ৰকাৰ পৱিত্ৰ দুৱৰা ৰহমৰীয়া ফুকনৰ খাতত বাৰ্ধক্য জনিত কাৰণ মৃত্যু , দল সংগঠনৰ শোক প্ৰকাশ
भारत को हिंदू राष्ट्र बनाने के लिए संविधान में एक संशोधन हो जाए तो कोई बुराई नहीं'-बाबा बागेश्वर
राजस्थान के सांचौर में पांच दिवसीय हनुमंत कथा कार्यक्रम को लेकर बागेश्वर धाम के पंडित धीरेंद्र...