পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হ’ল কৃষিমন্ত্ৰী অতুল বৰা ৷ আছুত থকা দিনবোৰ ৰোমন্থন কৰি মন্ত্ৰীগৰাকী নষ্টালজিয়া হৈ পৰাৰ লগতে নিজ গৃহত পৌৰাণিক দুহেজাৰ বিধ সামগ্ৰীৰে নৱপ্ৰজন্মৰ বাবে মুকলি কৰিলে এটি সংগ্ৰহালয়। মন্ত্ৰী অতুল বৰাৰ গোলাঘাটৰ বাসগৃহত স্থাপন এই সংগ্ৰহালয়ত কি কি সামগ্ৰী আছে চাওক এই প্ৰতিবেদন। শ বছৰীয়া সামগ্ৰীৰ পৰা পাঁচশ বছৰীয়া বৰটোপলৈকে । আহোম শাসনকালৰ সামগ্ৰীৰ পৰা নাগালেণ্ডৰ বিভিন্ন সামগ্ৰীলৈকে । আজিৰ নতুন প্ৰজন্মই চিনি নোপোৱা অসমীয়া চহা জীৱনৰ কৃষি সামগ্ৰীৰ পৰা বহু ইতিহাস হৈ যোৱা সামগ্ৰীৰে সংগ্ৰহালয়টো স্থাপনৰ ক্ষেত্ৰত বহু অৰিহণা আছে মন্ত্ৰীৰ ভাতৃৰ ৷ মন্ত্ৰীগৰাকীয়ে পিতৃৰ জন্মদিনটোত ককাক যোগ বৰাৰ সোঁৱৰণত প্ৰতিষ্ঠা কৰা সংগ্ৰাহলয়টো মুকলি কৰে পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ড°হেমেন্দ্ৰ নাথ দত্তই ৷ মন্ত্ৰীগৰাকীৰ ভাতৃয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫ বছৰ ধৰি গোটাই অৱশেষত সংগ্ৰাহলয়টো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোতে কৰা কৰ্মৰাজিবোৰ পেপাৰ কাৰ্ডসমূহ নিজ ভাতৃয়ে সুন্দৰকৈ সজাই থোৱা দেখি আৱেগিক হৈ পৰে মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰীগৰাকীয়ে শ্মৰণ কৰে আছুত থকা দিনবোৰৰ কথা ৷ পিতৃৰ জন্মদিনৰ দিনটোত ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰি সম্পূৰ্ণ ঘৰুৱা পৰিবেশত থাকি মন্ত্ৰীগৰাকীয়ে আজি ব্যতিক্ৰমীভাৱে পালন কৰা দেখা গ’ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में बीजेपी को कितनी लोकसभा सीटें मिलेंगी? योगेंद्र यादव ने की ये चौंकाने वाली भविष्यवाणी!
लोकसभा चुनाव 2024 के लिए छठे चरण का मतदान जारी है. इस बीच योगेंद्र यादव ने अपना फाइनल आकलन साझा...
India Today के कमेंट को PM मोदी ने सराहा, चुनावी नतीजों पर किया Tweet | Election Results 2023 | BJP
India Today के कमेंट को PM मोदी ने सराहा, चुनावी नतीजों पर किया Tweet | Election Results 2023 | BJP
સ્વતંત્ર દિવસ પહેલાં અમદાવાદમાં જોવા મળી અનોખી દેશભક્તિ.. વિડિયો જોવા અહીં ક્લિક કરો
સ્વતંત્ર દિવસ પહેલાં અમદાવાદમાં જોવા મળી અનોખી દેશભક્તિ.. વિડિયો જોવા અહીં ક્લિક કરો
૬ કિલો જેટલો વધારે કપાસ લઇ જઈ ને ખેડૂત સાથે ઠગાઈ | Divyang News
અમરેલી જિલ્લાના સાવરકુંડલા તાલુકા ના પીયાવામાં કપાસનાં તોલમાપ માં ૬ કિલો જેટલો વધારે કપાસ લઇ જઈ...