গোগামুখত চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

      আগন্তুক স্বাধীনতা দিৱস লগত সংগতি ৰাখি গোগামুখ নগাঁও যুৱ সংঘৰ উদ্যোগত চলন্ত ট্ৰফী আৰু প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাখনি আজিৰে পৰা গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় । স্বৰ্গীয় সুৰেন্দ্ৰ নাথ শইকীয়া , স্বৰ্গীয় ভদ্ৰেশ্বৰী গগে আৰু স্বৰ্গীয় ধনবৰ দত্ত সোঁৱৰণীত অনুস্থিত চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল খেল খনৰ পুৱা সাত বজাত সমূহীয়া চফাই। পতাকা উত্তোলন কৰে গোগামুখ নগাঁও যুৱক সংঘৰ সভাপতি প্ৰাঞ্জল বৰাই। শ্বহীদ তৰ্পণ কৰে সংঘৰ সম্পাদক হেমন্ত বৰাই। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। খেলৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে খেল পৰিচালনা সমিতিৰ সভাপতি ৰাজেন শইকীয়াই । অনুষ্ঠানৰ আঁত ধৰে ঋতুপৰ্ণ কোঁচ। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত যাদব দলে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ ক্ৰীড়া সন্থাৰ শ্ৰীযুত মৃদুল দত্ত , ধেমাজি জিলাৰ ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰীযুত যতিন বুঢ়াগোহাঁই, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, গোগামুখ মহাবিদ্যালয় অধক্ষ ডʼ দিলিপ কুমাৰ দাস, গোগামুখ ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰীযুত দিলিপ পেগু, গোগামুখ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত কুলজিৎ পাদুন, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত দীপক শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ উপদেষ্টা শৰৎ চুতীয়া, টি এম পিকে ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামানৰ লগতে গোগামুখৰ গন্য মান্য ব্যক্তি উপস্থিত থাকে। খেল খনৰ প্ৰাক ক্ষনত গাঁৱৰ জেষ্ঠ জনাৰ লগতে গন্য মান্য ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়। চলন্ত ট্ৰফী আৰু প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাখনি উদ্ধোধন কৰে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ আৰু যতিন বুঢ়াগোহাঁইয়ে। আজি উদ্ধোধনী খেলখনি গোগামুখ স্পছ একাডেমী আৰু ধেমাজি জিলাৰ নলাত এছ টি মাজত অনুষ্ঠিত হয় । দুইটা দলে মাজত সিমিত সময়ত গ'ল দিব নোৱাৰাত তাইবেকাৰ পদ্ধতিৰে গোগামুখ স্পছ একাডেমী ৪-৩ ব্যৱধানত জয়ী হয়। স্বৰ্গীয় সুৰেন্দ্ৰ নাথ শইকীয়া , স্বৰ্গীয় ভদ্ৰেশ্বৰী গগে আৰু স্বৰ্গীয় ধনবৰ দত্ত সোঁৱৰণীত অনুস্থিত চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ পঞ্চলিশ হাজাৰ টকা আৰু ট্ৰফী, দ্বিতীয় পুৰষ্কাৰ বিশ হাজাৰ টকা, শ্ৰেষ্ঠ খেলুৱৈ পাঁচ হাজাৰ টকা, শ্ৰেষ্ঠ গলৰক্ষক তিনি হাজাৰ টকা, চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ দুই হাজাৰ টকা। বাতৰি লিখা পৰ লৈকে ১৬ টা দলে অংশগ্ৰহণ কৰিছে।