নাওকাটাত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

বিটিচিৰ শিক্ষা বিভাগ কোকৰাঝাৰৰ উদ্যোগত আৰু বডোলেণ্ড ডেভেলোপমেন্ট ফাউণ্ডেচনৰ সহযোগত বুধবাৰে নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে এখন শিক্ষা মূলক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

অধ্যক্ষ ৰবিৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অপৰাধ বিভাগৰ অধিবক্তা বিকাশ বডোছাই ছাত্ৰ - ছাত্ৰী সকলক জীৱনটো উপভোগ কৰাৰ সময়ত ড্ৰাগছ আদি নিচা যুক্ত দ্ৰব্যৰ কৱলত পৰি জীৱনতো সমাপ্ত নকৰিবলৈ আহ্বান জনায় ৷লগতে সাম্প্ৰতিক সময়ত যুৱক,যুৱতী সকলৰ মাজত বৃদ্ধি পায় অহা ড্ৰাগছৰ প্ৰচলনৰ ভয়াবহতাৰ প্ৰতি প্ৰত্যেক গৰাকী অভিভাৱক আৰু সমাজৰ সচেতন লোকক সজাগ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়৷ ইপিনে উক্ত সভাত এবছুৰ খাগ্ৰাবাৰী আঞ্চলিকৰ সভাপতি সৌমচৰ বড়ো, বিষয় শিক্ষক গংগা প্ৰসাদ আচাৰ্য আৰু কিশোৰ কুমাৰ নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷