উত্তৰ পূৱ ভাৰতৰ বৃহৎ জাতীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত আৰু সঙ্ঘৰ গোলাঘাট জিলা শাখাৰ আতিথ্যত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত ৰাজ্যিক ভিত্তিত উনবিংশতিতম কেন্দ্ৰীয় ব'হাগী উৎসৱ । অসমৰ বিভিন্ন জিলাৰ হাজাৰ-হাজাৰ ৰাইজৰ সমাৱেশেৰে জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে গোলাঘাট নগৰ মুখৰিত । বিশাল সাংস্কৃতিক শোভযাত্ৰা শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক,সমাজকৰ্মী,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই । শ্ৰীমন্ত শ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা,প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, সাংস্কৃতিক শাখৰ সভাপতি তথা আদৰণি সমিতিৰ সভাপতি পৱিত্ৰপ্ৰাণ বৰা,আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা, কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য সেনাধিনায়ক সঞ্জীৱ বৰা,সচিব বসন্ত কলিতা, সেৱা বাহিনীৰ গোলাঘাট জিলা শাখাৰ জিলাধিনায়ক নয়নজ্যোতি হাজৰিকা,সঙ্ঘৰ যুটীয়া সম্পাদকদ্বয় দেৱাঞ্জন বৰা,দিলীপ বৰা, সঙ্ঘৰ গোলাঘাট জিলা শাখাৰ সভাপতি চন্দ্ৰ হাজৰিকা,সম্পাদক পৱিত্ৰ নাথ,আদৰণি সমিতিৰ সম্পাদক যতীন বৰা,যুটীয়া সম্পাদক সৌভিক বৰা,অনিন্দ্ৰ শইকীয়া আদিয়ে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । পুৱা পৰিৱেশ নিকাকৰণ,গছ পুলি ৰোপণ,নাম প্ৰসংগৰ পাচত মূল তোৰণ উন্মোচন কৰে প্ৰবীণ সাংবাদিক,সমাজকৰ্মী,আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্তই ।ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । পিঠা-পনা,গামোচা প্ৰতিযোগিতা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় শিশু-আইমাতৃ কল্যাণ শাখাৰ সভানেত্ৰী কিৰণ শইকীয়া বৰাই । শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত 'ৰঙালী বিহুৰ ঐতিহ্য আৰু বিৱৰ্তনত শঙ্কৰী দৰ্শনৰ প্ৰভাৱ' শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰে সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ।বিশিষ্ট লেখক,নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা,লোক-সংস্কৃতিৰ গৱেষক ড°অনিল শইকীয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰে ।স্মৃতিগ্ৰন্থ উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંદેશ વિશેષ : સાચું 'ધન ' - 9.45 PM -02-09-2022 @Sandesh News
સંદેશ વિશેષ : સાચું 'ધન ' - 9.45 PM -02-09-2022 @Sandesh News
આનંદ મેળો પોરબંદર - ૨૦૨૨ | ખજૂરભાઈ લાઈવ | khajurbhai live #jiglikhajur
આનંદ મેળો પોરબંદર - ૨૦૨૨ | ખજૂરભાઈ લાઈવ | khajurbhai live #jiglikhajur
रामदास आठवले आणि फूलझेले यांच्या 'त्या' वक्तव्यांचा जिल्ह्यात तीव्र पडसाद; वंचित बहुजन आघाडीतर्फे जोडे मारो आंदोलन
दापोली :केंद्रीय मंत्री रामदास आठवले यांनी 4 ऑक्टोबर रोजी नागपूरमध्ये डॉ. बाबासाहेब आंबेडकर...
મીઠાપુર ગામે ટાટા કંપનીના ગેટ સામે આવેલ ચમત્કારી હનુમાન મંદિરે ધ્વજારોહણ
મીઠાપુર ગામે ટાટા કંપનીના ગેટ સામે આવેલ ચમત્કારી હનુમાન મંદિરે ધ્વજારોહણ