শিৱসাগৰ প্ৰেছ ক্লাৱতকৈ সৰু সাংসদ অজিত কুমাৰ ভুঞাৰ দ’ল | আজি এই মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই |

আজি শিৱসাগৰ আবৰ্তভৱনত উপস্থিত হৈ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাঘেৰিটাৰ সংবাদমেল । যি ১১-১২ টা দল একত্ৰিত হৈছে তাৰ ভিতৰত দুগৰাকীহে বিধায়ক আছে। যি বিলাকৰ জিলা পৰিষদত , পঞ্চায়তত এগৰাকী সদস্যই নাই, সভাপতি নাই তেনেবিলাক দলৰ লগত মিত্ৰতা কৰি কি লাভ? পবিত্ৰ মাঘেৰিটাৰ প্ৰশ্ন। প্ৰতিটো নিৰ্বাচনতে এই দল বিলাকক এখন হোটেলত দেখা যায় বুলিও মন্তব্য মাঘেৰিটাৰ। বেছিভাগেই এন জি অ' বা ক্লাবৰ দৰে। এন জি অ' বা ক্লাবে নিৰ্বাচন জিকিব নোৱাৰে। লুৰিণ জ্যোতি গগৈৰ দলটো এটা ক্লাবৰ দৰে, দুই তিনিশমান মানুহ আছে। খিচিৰি। নিৰ্বাচনৰ পূৰ্বে এনেকুৱা খিচিৰি কংগ্ৰেছৰ নেতৃত্বত ওলাইয়েই। অজিৎ ভূঞাৰ দলটোত ১২-১৩ জন মানুহ আছে। শিৱসাগৰ প্ৰেছ ক্লাবতকৈ সৰু। ৮৫৫ জনক গুলিয়াই হত্যা কৰা জাতীয় পৰিষদ কিদৰে কংগ্ৰেছৰ ভিত্য হৈছে ? এই প্ৰশ্নৰ পৰা পৰা আঁতৰি জাতীয় পৰিষদ জাঙুৰ খাই উঠিছে, পলাইছে। যদিহে কংগ্ৰেছৰ লগত থাকিবলৈ হয় জাতীয় পৰিষদে নাম সলনি কৰি " অসম কংগ্ৰেছ ভিত্য পৰিষদ " দিয়ক। এই পৰামৰ্শও দিলে পবিত্ৰ মাঘেৰিটাই । পবিত্ৰ মাঘেৰিটা এ আই ইউ ডি এফৰ ভোটেৰে জিকিছে, সাংসদ হৈছে বুলি জাতীয় পৰিষদে যি মন্তব্য কৰিছিল সেয়া হাস্যকৰ। এজন প্ৰাৰ্থী জয়ী হ'বলৈ যিমান ভোট লাগে তাকতকৈ আঢ়ৈগুণ ভোট বেছি আছে ভাৰতীয় জনতা পাৰ্টীৰ |