ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি আৰু লুণ্ঠন নিৰ্মূল কৰাৰ বাবে কঠোৰ স্থিতি প্ৰদৰ্শন কৰাৰ পাছতো মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিক প্রত্যাহ্বান জনাই একাংশ দুর্নীতিগ্রস্ত বিষয়া কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে ব্যাপক দুৰ্নীতি। তাৰ মাজতে ঢকুৱাখনাত মহকুমা প্রশাসন বাবে আৰু গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযাৰ তাৰ জ্ঞাতসাৰেই এগৰাকী ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। কি ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তর্গত কলাকতা চেতিয়া গাঁৱৰ পৰা মাজ জালভাবী সংযোগী পথছোৱা নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুর্নীতি সংঘটিত দ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

প্রায় ২ কোটি ৪২ লাখ টকা বায়েৰে নিৰ্মাণ হোৱা পথছোৱা নিৰ্মাণৰ পিছতেই বখলা-বখলে এৰাবলৈ ধৰিছে আলকাতৰাৰ প্ৰলেপ। লোকনিৰ্মাণ বিভাগৰ এছঅ পিডি আঁচনিৰ ২০২০-২১ বৰ্ষৰ অধীনত ২.৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজ তথা দল-সংগঠনে। পথটো নিৰ্মাণৰ ক্ষেত্ৰত হোৱা অনিয়ম সন্দৰ্ভত ৰাইজে দিয়া অভিযোগক গুৰুত্ব নিদি মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ ফলতেই পথটোৰ বহু অংশত বখলা-বখলে এৰিবলৈ ধৰে বুলি অভিযোগ কৰে। তদুপৰি পথ নিৰ্মাণত প্রয়োজনীয় মাটি নিদিয়া, পথটোৰ কালভার্ট স্থাপনত বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এইক্ষেত্ৰত গড়কাপ্টানী বিভাগৰ লখিমপুৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিষয়া-অভিযন্তা আৰু কৰ্মচাৰীৰ ভূমিকাত ক্ষুণ্ণ হৈছে স্থানীয় ৰাইজ। বিভাগীয় বিষয়া, অভিযন্তাৰ অৱহেলাৰ বাবে ঠিকাদাৰে এইদৰে লুণ্ঠন চলাবলৈ সুযোগ পাইছে বুলি ক্ষোভ প্রকাশ কৰে ৰাইজে। এই সন্দৰ্ভত স্থানীয় ৰাইজে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাক চৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।