গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয় শুভ উদ্বোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়টো শুক্ৰবাৰে এক মাঙ্গলিক অনুষ্ঠানেৰে শুভ উদ্বোধন কৰা হয়। পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ লগত সংগতি ৰাখি কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।তদুপলক্ষে কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত সভাত প্ৰমোদ বড়োৱে কয় যে এখন জিলাৰ প্ৰশাসনিক কাম-কাজত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ ভুমিকা আছে। মাটি-বাৰীৰ নামজাৰিকে ধৰি ৰাইজৰ বিভিন্ন কাম-কাজ ৰাজহ চক্ৰৰ কাৰ্যালয়তে সম্পন্ন কৰা হয়।সেয়ে কাৰ্যালয়টো নতুনকৈ মেৰামতি কৰাত বিষয়া-কৰ্মচাৰীকে ধৰি ৰাইজৰো সুবিধা হ'ব। ইপিনে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে নাগৰা নাম উদ্বোধন কৰে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এল এই পবিত্ৰ কুমাৰ বড়োই।ইপিনে উক্ত সভাত গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বড়াই আদৰণি ভাষণ দিয়ে৷ উক্ত সভাত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, গোৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ মণ্টুৰাম ডেকাকে ধৰি দলীয় কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।