গোৰেশ্বৰ আন্ধেৰীঘাট সংযোগী পথৰ বেতনাত ভয়াবহ পথ দুৰ্ঘটনা
টেক্টৰ আৰু স্কুটিৰ সংঘৰ্ষত নিহত এজন লোক
বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত বেতনা আজি দিনৰ প্ৰায় তিনি মান বজাত সংঘটিত এটি পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হ’ব লগীয়া হয়। মৃত লোকজন গোৰেশ্বৰ বালাহাটীৰ মুনিন্দ্ৰ বিশ্বাস (৬০ ) বুলি চিনাক্ত কৰা হৈছে। বালাহাটীৰ নিজ গৃহৰপৰা AS 25 D 7816 নম্বৰৰ স্কুটিৰে নিজৰ জোৱাঁয়েকৰ ঘৰলৈ গৈ আছিল লোকজন। আনহাতে বিপৰীত দিশৰ পৰা অহা এখন টেক্টৰৰ ট্ৰেইলাকত খুন্দা লগাৰ ফলত সংঘটিত হৈ সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত ঘটনাস্থলীতো নিহত হয় লোকজনৰ। আনাহাতে স্থানীয় লোক প্ৰথমে ট্ৰেক্টৰখন ৰখাই থৈছিল যদিও পিছলৈ আৰক্ষী অহাৰ পূৰ্বে সুযোগ বুজি ঘটনাস্থালীৰ পৰা পলায়ন কৰে মাটি কঢ়িওৱা টেক্টৰৰ চালক কৰ্মচাৰীসকল। ইপিনে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থতি হৈ নিহত লোকজন মৃতদেহ থানালৈ আনি মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা দিহা কৰে। দুৰ্ঘটনাত পতিত স্কুটী খনো উদ্ধাৰ কৰি থানালৈ আনে আৰক্ষীয়ে । ইপিনে দীৰ্ঘ দিন ধৰি গোৰেশ্বৰত মাটি কঢ়িওৱা টেক্টৰৱ দৌৰাত্মত অতিস্থ হৈ পৰিছে ৰাইজ। আনকি স্কুল কলেজৰ সময়তো অধিক গতিত চহৰৰ ইপিনৰ পৰা সিপিনলৈ চলাচল কৰি থাকে টেক্টৰ ডাম্পাৰ আদি। ৰাইজৰ বহু অনুৰোধৰ পিছতো প্ৰশাসনে টেক্টৰ ডাম্পাৰ আদি নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইপিনে মাটি কঢ়িওৱা টেক্টৰৰ ফলত বহু বাট পথত নষ্ট হোৱাৰ লগতে বৰুষুণ দিলে বোকাময় আৰু ৰ’দ দিলে ধূলিময় হোৱতো এক চিৰাচৰিত নিয়মত পৰিণত হৈছে। এনে দুৰ্ঘটনাৰ পিছত কিছুদিন প্ৰশাসন সজাগ হোৱা দেখা যায় যদিও পুনৰ একদৰে সকলো চলি থকাটো বিড়ম্বনাত পৰিণত হৈছে। ইপিনে আজিৰ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।