অবিভক্ত দৰং ওদালগুৰি জিলাৰ ব্যাস সংগীত বিকাশ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা জনাৰামচৌকাস্থিত ওজা ৰমনী শৰ্মাৰ নিজ বাসগৃহত অনুষ্ঠিত হৈ যায়,

  বিগত ২০১৬ চনৰ পৰাই এই ব্যাসৰ ওজাপালিক এক নতুনত্ব ৰূপ দিয়াৰ প্ৰয়াস কৰি আহিছিল । অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ সৰ্বমুঠ ৭৭ জোৰা ওজাপালিৰ উপস্থিতিত এই সভাখন অনুষ্ঠিত কৰা হয়। দৰং জিলাৰ এই লোক সংস্কৃতি বিধক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰি বিভিন্ন কাৰ্যসূচী হাতত লয় ।