গোৰেশ্বৰ শান্তিপুৰ বহাগী উৎসৱ উদযাপনৰ আয়োজন

গোৰেশ্বৰ গড়কাপ্তানী বঙলাত ২৭ সংখ্যক গোৰেশ্বৰ শান্তিপুৰ বহাগী উৎসৱ উদযাপনৰ আয়োজন কৰিছে।অহা ২৭ আৰু ২৮ বহাগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে গোৰেশ্বৰ গড়কাপ্তানী বঙলাত অনুষ্ঠিত হব গোৰেশ্বৰ শান্তিপুৰ বহাগী উৎসৱ উদযাপন। কাৰ্যসুচী অনুসৰি গোৰেশ্বৰ শান্তিপুৰ বহাগী উৎসৱ উদযাপনত এইবেলি কলিকতাৰ পৰা আমন্ত্ৰিত কেলিক শ্ব’ অৰকেষ্ট্ৰাৰ ভিন্নসুৰী গীত মাত পৰিৱেশনৰ লগতে দৰং ছিপাঝাৰৰ সোনালী সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠান পৰিৱেশন কৰিব বুলি বিহু উদযাপন সমিতিয়ে জানিব দিছে।