কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ফটো বিকৃত কৰি বিপদত গোলাঘাটৰ ৰিতু বৰা। দৰং মহিলা কংগ্ৰেছে দাখিল কৰিলে এজাহাৰ ৷উপযুক্ত শাস্তিৰ দাবী দৰং মহিলা কংগ্ৰেছৰ ৷নতুন দিল্লীত হোৱা মূল্যবৃদ্ধিৰ প্ৰতিবাদৰ সময়ত প্ৰিয়ংকা গান্ধীৰ ফটো ভিডিও বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল গোলাঘাটৰ যুৱক ৰিতু বৰা ই ৷লগে লগে গৰজি উঠিল অসমৰ মহিলা কংগ্ৰেছ ৷ আজি সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ মহিলা কংগ্ৰেছে এজাহাৰ দাখিল কৰিলে গোলাঘাটৰ ৰিতু বৰাৰ বিৰুদ্ধে৷
দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি কলে যে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ফটো আৰু ভিডিও বিকৃত কৰা গোলাঘাটৰ ৰিতু বৰা নামৰ যুৱক জনক আৰক্ষীয়ে কৰায়ত্ত কৰি দিস্তান্ত মুলক শাস্তি বিহিবলৈ দাবী জনালে৷