জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

গোৰেশ্বৰ, ৪ মে’:

ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা আয়োজিত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বৃ্ত্তি পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। যোৱা মাৰ্চ মাহত উত্তৰ কামৰূপ জাতীয় বিদ্যালয় ,ক’লাজলত আয়োজিত হৈ যোৱা ২০২৩ বৰ্ষৰ বৃত্তি পৰীক্ষাত পঞ্চম শ্ৰেণীত মুঠ এঘাৰ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত প্ৰথম তিনিটা স্থানত তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। পঞ্চম শ্ৰেণীৰ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল হৈছে- প্ৰথম স্থানত বিনীত কুমাৰ ডেকা,নবাৰুণ জাতীয় বিদ্যালয়,বৰম্বৈ; 

দ্বিতীয় স্থানত জ্ঞানম কলিতা, আদৰ্শ জাতীয় বিদ্যালয়,মহৰিপাৰা; তৃতীয় স্থানত চিন্ময় পৰশ ডেকা,কামৰূপা জাতীয় বিদ্যালয়,সাজেই দগাওঁ;চতুৰ্থ স্থান লাভ কৰিছে চাহিদ আলী,জ্ঞানোদয় জাতীয় বিদ্যালয়,শৌলমাৰী;পঞ্চম স্থান ৰাজনিবিড় মালী,উত্তৰ কামৰূপ জাতীয় বিদ্যালয়,ক’লাজল; ষষ্ঠ স্থান লাভ কৰিছে দুগৰাকী ছাত্ৰীয়ে যুটীয়াভাৱে- মনিষা তাজৰিন,শংকৰদেৱ শান্তি নিকেতন,হালধা আৰু কংকিতা দাস,বাগদেৱী জাতীয় বিদ্যালয়,বাগটা;সপ্তম স্থান লাভ কৰিছে ধৃতিমান তালুকদাৰ,বিবেকানন্দ একাডেমী,শালিকাঝাৰ,দৰং; অষ্টম স্থান চিন্ময় মালী,উত্তৰ কামৰূপ জাতীয় বিদ্যালয়, ক’লাজল; নবম স্থান অৰিস্মিতা কলিতা,উত্তৰ কামৰূপ জাতীয় বিদ্যালয়, ক’লাজল; দশম স্থানত কাকলি ৰাজবংশী,অংকুৰণ শান্তি নিকেতন, বাৰেদলা। ইয়াৰ লগতে তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত প্ৰমাণ পত্ৰ লাভ কৰিছে। তেওঁলোক ক্ৰমে-ৱাছবিৰ হুছেইন, শংকৰ আজান জাতীয় বিদ্যালয় বিদ্যালয়,খন্দিকৰ;ৰেচম পাৰবিন,কামৰূপা জাতীয় বিদ্যালয়;সাজেই দগাওঁ;চেহনাজ চুলতানা, শংকৰদেৱ শান্তি নিকেতন,হালধা।

ইপিনে অষ্টম শ্রেণীৰ বৃত্তি পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল হৈছে- প্ৰথম স্থানত-তনিছা চৌধুৰী,কামৰূপা জাতীয় বিদ্যালয়, সাজেই দগাওঁ; দ্বিতীয় স্থানত ইন্দিমা ইয়াছমিন,শংকৰ আজান জাতীয় বিদ্যালয়, খন্দিকৰ; তৃতীয় স্থান লাভ কৰিছে- নাৰ্জিমা বেগম,কমাৰগাওঁ আদৰ্শ জাতীয় বিদ্যালয়, তিতকুৰি। অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত প্ৰমাণ পত্ৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল হৈছে- চাবিনা খণ্ডকৰ,কামৰূপা জাতীয় বিদ্যালয়, সাজেই দগাওঁ; সুনাক্ষী মেধী, আদৰ্শ জাতীয় বিদ্যালয়, পিটাম্বৰ হাটবজালী আৰু স্নেহা পাৰবিন ,কামৰূপা জাতীয় বিদ্যালয়, সাজেই দগাওঁ। ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা আয়োজিত পৰৱৰ্ত্তী 

সভাত সমূহ কৃতী ছাত্ৰ-ছাত্ৰীকে সমৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে বৃত্তি প্ৰদান কৰা হ’ব বুলি পৰিষদৰ সভাপতি-সম্পাদকে জানিবলৈ দিছে।