বহুত প্ৰতিবাদী কাৰ্যসূচী দেখিছে আপুনি । কিন্তু আমি দেখুৱাম এক ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী। যি প্ৰতিবাদ এগৰাকী বিধায়কৰ বাবে হব পাৰে গভীৰ অশনি ইংগিত । আভুৱা ভৰাই জনতাক ঠগাই ভোট লোৱাৰ সময় উকলি যোৱাৰ ইংগিত।চাওক এই দৃশ্য। হাতত কোৰ কুঠাৰলৈ মহিলাই কিদৰে আক্ৰমণ কৰিছে এটা আধাৰশিলা।
এই আধাৰশিলাটোৱো আকৌ এলা পেচা আধাৰশিলা নহয়। বিধায়ক ৰমাকান্ত ৰ তিৱা বসতি প্ৰধান দুই নং মৰাকলঙৰ স্বগোট্ৰীয় আবেগেৰে তিৱা ৰাইজক দহ লাখ টকীয়া পকী ৰাস্তা বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে কৰা আধাৰশিলা। দ্বিতীয় বাৰৰ বাবে নিৰ্বাচনত জয়ী হৈ ৰমাকান্ত পুনৰ বিধায়ক হল, কেবিনেট পদ ময্যদাৰে অধ্যক্ষ হল। কিন্তু দুই নং মৰাকলঙৰ শান্তিপুৰৰ এইসকল তিৱা ৰাইজক আধাৰশিলাৰে দিয়া দহ লাখ টকীয়া পকীৰাস্তাৰ আশ্বাসহে পুৰণ নহল । যাৰবাবে স্বজাতীয় মহিলাৰ ৰোষৰ বলি হৈছে বিধায়ক ৰমাকান্ত আৰু তেওঁৰ আশ্বাসৰ আধাৰশিলাটো।
কিমান লুন্ঠিত হলে এইদৰে কুঠাৰাঘাত কৰিব পাৰে স্বজাতীয় এগৰাকী মৰমৰ বিধায়কৰ আশ্বাসৰ আধাৰশিলাত। মৰিগাওঁ নগৰৰ নিচেই কাষৰে ২নং মৰাকলং শান্তিপুৰৰ বোকাময় পথটোৱো ৰাইজক ইমানদিনে জলাকলা খুৱাই অহাৰ পিছত ৰবিবাৰে গাওঁৰ ৰাইজে পথৰ ওপৰতে জাকৈ মাৰি, ভুই ৰুই ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এইদৰেয়ো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।