গোৰেশ্বৰত আন্তৰ্জাতিক মে' দিৱস উপলক্ষে আলোচনাচক্ৰ

শ্ৰমিক-কৰ্মচাৰী-গৰিৱ বিৰোধী চৰকাৰৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হওঁক---সংগীতা দাস

গোৰেশ্বৰঃ১ মে- চিটু,নিৰ্মাণ শ্ৰমিক ইউনিয়ন,কৃষক-মজদুৰ,ছাত্ৰ-যুৱ আদি অন্যান্য সংগঠনৰ যৌথ উদ্যােগত কেন্দ্ৰীয়ভাৱে আজি গোৰেশ্বৰত আন্তৰ্জাতিক মে' দিৱস পালন কৰা হয়।মে' দিৱস উপলক্ষে দিনৰ ১১ বজাত গোৰেশ্বৰস্থিত কলাগুৰু বিষ্ণু ৰাভা ভৱনৰ প্ৰাংগনত বৰ্তমান পৰিস্থিতিত মে' দিৱসৰ প্ৰাসঙ্গিকতা সম্পৰ্কত এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়।গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা কবি-সাহিত্যিক অজিত তালুকদাৰে সঞ্চালনা কৰা আলোচনাচক্ৰখনত বিষয়বস্তু উত্থাপন কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়ন তামুলপুৰ জিলা কমিটিৰ সম্পাদক বিৰাজ হাজৰিকাই। আলোচক হিচাপে উপস্থিত থাকি ভাৰতৰ ছাত্ৰ ফেডাৰেছন(এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদিকা সংগীতা দাসে ঐতিহাসিক মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৃষক-শ্ৰমিক বিৰোধী নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰে।শ্ৰমিক-কৃষক-গৰীৱ বিৰোধী চৰকাৰৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়।আলোচনাচক্ৰখনিত কৃষক-শ্ৰমিক নেতা কৰুণা ভূঞাও আলোচনা আগবঢ়ায়।মে' দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত ৰক্ত পতাকা উত্তোলন কৰে নিৰ্মাণ শ্ৰমিক ইউনিয়ন তামুলপুৰ জিলা কমিটিৰ সভাপতি মহেশ ডেকাই, ছহীদৰ স্মৃতিত পুষ্পাঞ্জলী অৰ্পণ কৰে বিশিষ্ট কবি-সাহিত্যিক অজিত তালুকদাৰ আৰু কৃষক নেতা কৰুণা ভূঞাই ।ইয়াৰ পিছতেই গোৰেশ্বৰৰ ৰাজপথত ৰক্তপতাকা আৰু দাবী সম্বলিত বেনাৰ লৈ এক দীঘলীয়া শোভাযাত্ৰা উলিয়ায়।ভাৰতীয় গণনাট্য সংঘ, গোৰেশ্বৰ শাখাৰ শিল্পীসকলে কেইবাটাও গণ সংগীত পৰিৱেশন কৰি আলোচনাচক্ৰখনিৰ সৌষ্ঠৱতা বৃদ্ধি কৰে।