ঢকুৱাখনাত আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ৪৭১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন।

 ভাগৱত শোভাযাত্ৰা বাহিৰ।

ঢকুৱাখনাৰ কচুগাঁৱত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সাংস্কৃতিক সংঘত মায়ামৰা সমাজ আৰু শুভাকাংক্ষীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ২৯ আৰু ৩০ এপ্ৰিল তাৰিখে উদযাপন কৰা হৈছে আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ৪৭১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ।

এই উপলক্ষে আজি পুৱা বৃক্ষ ৰোপণ, ধৰ্মধব্বজা উত্তোলনৰ পিছতে ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয়।

ভাগৱত শোভাযাত্ৰাৰ উপলক্ষে কেইবাশতাধিক ভকত বৈষ্ণৱ, আই মাতৃ আৰু অসমীয়া জনজীৱনৰ বিভিন্ন কৃষ্টি সংস্কৃতি কলা কৌশলীয়ে অংশগ্ৰহণ কৰে।