গোৰেশ্বৰৰ ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ১৫৩ নং ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই।তেওঁ আজি বিদ্যালয়খনত উপস্থিত হৈ ধাৰাসাৰ শিলা-বৰষুণৰ ফলত বিদ্যালয়খনৰ হোৱা ক্ষয় ক্ষতিৰ বুজ লয়৷লগতে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অভাৱ-অভিযোগৰ সন্দৰ্ভত আলোচনা কৰে।