টিংখাঙত মন্ত্ৰী বিমল বৰা অংশগ্ৰহণেৰে সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন শুভাযাত্ৰা। দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হৰ ঘৰ তিৰঙ্গা অভিযানৰ অংশ স্বৰূপে আজি টিংখাঙতো ৰাজগড় গাওঁ পঞ্চায়তৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সংগঠনৰ সহযোগত টিংখাঙৰ ৰাজগড়ত কেইবাশতাধিক মহিলা আৰু NCC কেডাৰে এই সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন কৰি শুভাযাত্ৰা বাহিৰ কৰে।
এই সজাগতা শুভাযাত্ৰাত মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে।
 
  
  
  
   
  