কামৰূপ গ্ৰাম্যৰ বৰডাঙেৰীকুছি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
কামৰূপ গ্ৰাম্যৰ বৰডাঙেৰীকুছি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ অভিযোগ একাংশ বঞ্চিতৰ। কমলপুৰ বিধানসভা সমষ্টিৰ বিহদিয়া-জাঁজীকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰডাঙেৰীকুছি গাঁও পঞ্চায়তত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ পঞ্চায়ত কতৃপক্ষক টকা নিদিয়াৰ বাবেই গৃহ লাভৰ পৰা বঞ্চিত হব লগা হোৱাৰ অভিযোগ বঞ্চিত একাংশৰ । এই অভিযোগ উত্থাপন কৰি একাংশ বঞ্চিত হিতাধিকাৰীয়ে পঞ্চায়তৰ কতৃপক্ষক জগৰীয়া আৰু জবাবদিহী কৰি কাৰ্যালয়ত সৃষ্টি কৰে উত্তাপ্ত পৰিস্থিতি । বিশেষকৈ গোৰেশ্বৰৰ সমীপৱৰ্তী গাছবাৰীস্থিত বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডাঙ্গেৰীকুছি আৰু পূৱপাৰলোক্ৰা গাঁৱৰ কেইবাগৰাকী দৰিদ্ৰ পুৰুষ,মহিলা আৰু একাংশ বিধবা মহিলাই পঞ্চায়তৰ একাংশ কৰ্মচাৰীক ধন নিদিয়াৰ বাবেই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ নোপোৱা আৰু টকা দিয়া বাবেই চৰকাৰী নিয়ম অনুসৰি এই আঁচনিখনৰ আওতাত নপৰা বহু সংখ্যক আঢ্যবন্ত লোকে ঘৰ পাবলৈ সক্ষম হোৱা বুলি গুৰুতৰ অভিযোগ কৰে। বিশেষকৈ পঞ্চায়তৰ সংশ্লিষ্ট কতৃপক্ষই গাঁৱত গৈ ছাৰ্ভে কৰি ফটো তুলি অনাৰ পিছতো কেৱল টকা নিদিয়াৰ বাবেই দৰিদ্ৰ লোকৰ বাবে ৰূপায়ন কৰা বহু আকাংক্ষিত আঁচনিখনৰ গৃহ লাভ নকৰাৰ অভিযোগ তুলি পৰিস্থিতি উত্তাল কৰি তোলে। এইক্ষেত্ৰত বঞ্চিত হিতাধিকাৰীসকলে উন্নয়ন খণ্ড বিষয়া আৰু স্থানীয় বিধায়ক দিগন্ত কলিতাক উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।